ETV Bharat / sports

ICC ODI Word Cup 2023 : ভাৰতত বিশ্বকাপৰ খেলৰ স্থান সলনি; পাকিস্তানৰ অনুৰোধ নাকচ আইচিচিৰ

author img

By

Published : Jun 27, 2023, 4:49 PM IST

পাকিস্তান দল ব্যৱস্থাপকৰ চিন্তা হৈছে যে চেপকৰ ইতিহাস আছে স্পিনাৰসকলক সহায় কৰাৰ । সেয়ে আফগানিস্তানৰ বিৰুদ্ধে দলটোক অসুবিধাত পেলাব । কিয়নো বৰ্তমান আফগানিস্তান দলটোত আছে বিশ্ব মানৰ স্পিনাৰ ।

ICC ODI Word Cup 2023
ICC ODI Word Cup 2023

স্পৰ্টছ ডেস্ক, ২৭ জুন : চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে বিশ্বকাপৰ সূচী প্ৰকাশ কৰা হৈছে । অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ভাৰত-পাকিস্তানক বিবাদৰ মাজতে আইচিচিয়ে ঘোষণা কৰে বিশ্বকাপত দলসমূহৰ মেচৰ স্থান আৰু সময়সূচী । এইখিনিতে ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপত নিজ দলৰ সময়সূচী আৰু স্থান সন্দৰ্ভত আপত্তি দৰ্শাইছে পাকিস্তান ক্ৰিকেট বোৰ্ডে । কিন্তু পাক ক্ৰিকেট বোৰ্ডে উত্থাপন কৰা সকলো আপত্তি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে চমুকৈ আইচিচিয়ে নাকচ কৰিছে । উল্লেখ্য, আইচিচি আৰু বিচিচিআয়ে মঙলবাৰে ঘোষণা কৰা বিশ্বকাপৰ চূড়ান্ত সূচীত পূৰ্বৰ প্ৰস্তাৱিত খচৰা অনুসৰিয়ে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচখন আহমেদাবাদত অনুষ্ঠিত হ'ব । আনহাতে, আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানৰ মেচৰ স্থান সলনি কৰাৰ বাবে পিচিবিয়ে কৰা অনুৰোধ উপেক্ষা কৰিছে আইচিচিয়ে ।

পাকিস্তান দল ব্যৱস্থাপকৰ ইচ্ছা অনুসৰি, পিচিবিয়ে আফগানিস্তানৰ বিৰুদ্ধে মেচখন চেন্নাইৰ পৰা বেংগালুৰুলৈ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখন চেন্নাইলৈ স্থানান্তৰ কৰিবলৈ আইচিচি আৰু বিচিচিআইক অনুৰোধ জনাইছিল । পাকিস্তান দল ব্যৱস্থাপনাৰ চিন্তা হৈছে যে চেপকৰ ইতিহাসে স্পিনাৰসকলক সহায় কৰে । যাৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে দলটোক অসুবিধাত পেলাব । কিয়নো আফগানিস্তান দলত আছে বিশ্বমানৰ স্পিনাৰ ।

কিন্তু পাকিস্তানৰ এই সন্দৰ্ভত কোনো আপত্তি বা অনুৰোধৰ প্ৰতি মনোযোগ দিয়া নাই বিচিচিআই কিম্বা আইচিচিয়ে । আনহাতে, খেলৰ সূচীত মুম্বাই আৰু কলকাতাত ছেমি ফাইনেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে যদিও পিচিবিয়ে আইচিচিক জনাইছে যে ৰাজনৈতিক আৰু কূটনৈতিক কাৰণত মুম্বাইত খেলাটো সহজ নহয় । কিন্তু এই ক্ষেত্ৰতো আইচিচিয়ে পাকিস্তানৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছে । কিয়নো আইচিচিৰ দৃষ্টিত ক্ৰিকেটৰ খেলপথাৰৰ বিষয়টো গুৰুত্বপূৰ্ণ নহয়, সম্ভাব্য নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিহে স্থানসমূহৰ গুৰুত্ব বিবেচনা কৰা হয় ।

উল্লেখ্য যে পিচিবিৰ অধ্যক্ষ পদৰ নিৰ্বাচন অহা ১৭ জুলাই পৰ্যন্ত পিছুৱাই দিয়া হৈছে । তেনে ক্ষেত্ৰত বিশ্বকাপৰ সময়সূচী ঘোষণাৰ প্ৰতি বোৰ্ডে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ'ব । এগৰাকী বিষয়াই অৱশ্যে স্পষ্ট কৰিছে যে এই সময়সূচী অনুমোদনৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব । "বিশ্বকাপত আমাৰ অংশগ্ৰহণ, আমি ১৫ অক্টোবৰত আহমেদাবাদত খেলিম নে নেখেলিম বা ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে মুম্বাইত খেলিমনে নেখেলিম এই সকলোবোৰ চৰকাৰী অনুমোদনৰ ওপৰত নিৰ্ভৰশীল হ'ব ।" বিষয়াগৰাকীয়ে লগতে কয় ।

তেওঁ কয় যে এতিয়ালৈকে চৰকাৰে ভাৰত ভ্ৰমণৰ বাবে পিচিবিক কোনো এনঅ'চি জাৰি কৰা নাই । যিহেতু এইটো এটা সংবেদনশীল বিষয়, সেয়েহে পাক ক্ৰিকেট বোৰ্ডে এই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট নিৰ্দেশনা পোৱাৰ পিছতহে আগবাঢ়িব । "আমি ইতিমধ্যে আইচিচিক জনাইছোঁ যে প্ৰতিযোগিতাখনত আমাৰ অংশগ্ৰহণ বা স্থানসমূহৰ ওপৰত যিকোনো সমস্যা প্ৰথমতে পিচিবিয়ে ভাৰতৰ ভ্ৰমণৰ বাবে চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ লগতহে জড়িত বুলিও তেওঁ সোঁৱৰাই দিয়ে ।

উল্লেখ্য, পাকিস্তানে অন্তিমবাৰৰ বাবে ২০১৬ চনত টি-২০ বিশ্বকাপত ভাৰতৰ ভূমিত খেলিছিল । আনহাতে, বেলুচিস্তান উচ্চ ন্যায়ালয়ে সোমবাৰে পিচিবিৰ ক্ৰিকেট ব্যৱস্থাপনা সমিতিৰ দুজন প্ৰাক্তন সদস্যই দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিছে । তাৰ লগে লগে পাকিস্তান ক্ৰিকেটে বিশ্বকাপৰ সূচীৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাকে লৈ বিভ্ৰান্তিৰ সৃষ্টি হয় । বৰ্তমান বোৰ্ডখন অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ আহমেদ শ্বেহজাদ ফাৰুক ৰাণাৰ দ্বাৰা পৰিচালিত হৈ আছে । আনহাতে, অধ্যক্ষ পদৰ বাবে মনোনীত জাকা আশ্ৰাফে আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব ল'বলৈ ৰাজ্যপাল পৰিষদৰ ভোট লাভ কৰিব লাগিব ।

লগতে পঢ়ক :ICC ODI World Cup 2023 : প্ৰকাশ পালে বিশ্বকাপৰ সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.