ETV Bharat / sports

England team in ICC World Cup 2023 : বিশ্বকাপত ধৰাশায়ী ইংলেণ্ড, দলটো যথেষ্ট মজবুত হৈ থকাৰ দাবী প্ৰশিক্ষকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 2:37 PM IST

England team in ICC World Cup 2023
বিশ্বকাপত ধৰাশায়ী ইংলেণ্ড

ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ প্ৰদৰ্শনত আচৰিত বিশ্ব ক্ৰিকেট । ইংলেণ্ডৰ প্ৰাক্তন আৰু বৰ্তমানৰ বহু ক্ৰিকেটাৰে দলটোৰ প্ৰদৰ্শনক লৈ উদ্বেগ প্ৰকাশ কৰিছে । অৱশ্যে মুখ্য প্ৰশিক্ষকৰ মতে দলটো এতিয়াও যথেষ্ট মজবুত হৈ আছে ।

স্পৰ্টছ ডেস্ক,৩০ অক্টোবৰ : চলিত বিশ্বকাপ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে হতাশাজনক হৈ পৰিছে । ভাৰতৰ বিৰুদ্ধে দেওবাৰে পৰাজিত হোৱাৰ পাছত দলটোৰ বাবে আৰু অধিক উদ্বেগৰ সৃষ্টি হৈছে । কাৰণ দলটো যদি বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষ আঠটা স্থানত নাথাকে তেনেহ'লে তেওঁলোকে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবেও যোগ্যতা অৰ্জন কৰিব নোৱাৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

সম্প্ৰতি পইণ্ট তালিকাৰ একেবাৰে তলত থকা ইংলেণ্ডৰ প্ৰদৰ্শনক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । বহুতে দলটোৰ খেলুৱৈসকলক সমালোচনা কৰিছে । ইংলেণ্ড দলৰ মেনেজাৰ, প্ৰশিক্ষক আৰু খেলুৱৈসকলে ৫০ অভাৰৰ ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । বিশেষকৈ ২০১৯ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক অইন মৰ্গানে সংবাদ মাধ্যমত কৈছে যে ড্ৰেছিং ৰুমত কিবা ভুল আছে যাৰ বাবে বিশ্বকাপত একেৰাহে দলটোৱে পৰাজয়ৰ সন্মুখীন হৈছে । অইন মৰ্গানৰ মতে শিবিৰত বিভাজনৰ ফলত বেটিং আৰু বলিং দুয়োটা ক্ষেত্ৰতে প্ৰতিভাশালী খেলুৱৈসকলৰ সামূহিক বিফলতা ঘটিছে ।

অৱশ্যে এই সন্দৰ্ভত ইংলেণ্ড দলটোৰ মুখ্য প্ৰশিক্ষক মেথিউ মটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৰ্হতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য প্ৰশিক্ষক মেথিউ মটে কয় যে তেওঁ অৰ্হতাৰ বিষয়ে কিছু সময় পূৰ্বেহে জানিব পাৰিছিল । যিহেতু আইচিচিয়ে অৰ্হতাৰ নিয়মবোৰ অলপ সলনি কৰিছে । তেওঁৰ মতে সঁচা অৰ্থত এইটোৱে দলটোত কোনো প্ৰভাৱ নেপেলাব ।

তেওঁ স্বীকাৰ কৰিছে যে দলটোৰ প্ৰদৰ্শন উন্নীত কৰাৰ প্ৰয়োজন আছে । তেওঁৰ মতে তালিকাৰ ওপৰলৈ যাব নোৱাৰিলেও আহি থকা খেলবোৰত জয়ী হ'ব লাগিব । শেষৰ কেইখনমান খেল শক্তিশালী দলৰ বিৰুদ্ধে খেলিব । সেয়েহে দলটোৱে কেনেদৰে পুনৰ সংগঠিত হৈ সেই খেলবোৰত উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি প্ৰশিক্ষকগৰাকীয়ে দাবী কৰে ।

অৱশ্যে দলটোৰ খেলুৱৈসকলৰ মাজত সমন্বয়ৰ অভাৱৰ কথা অস্বীকাৰ কৰি প্ৰশিক্ষকে কয় যে ইংলেণ্ডে পঞ্চমটো পৰাজয়ৰ সন্মুখীন হ'লেও দলীয় সমন্বয় শক্তিশালী হৈ আছে । প্ৰশিক্ষকৰ মতে যদি তেওঁলোকৰ প্ৰশিক্ষণৰ সময়বোৰ লক্ষ্য কৰে তেনেহ'লে তাত আনন্দ দেখিবলৈ পাব । প্ৰশিক্ষকৰ মতে মৰ্গানে নিজৰ মন্তব্য দিয়াটো তেওঁৰ অধিকাৰ । কিন্তু তেওঁ এতিয়া দলটোৰ পৰা আঁতৰি আছে । সেয়ে তেওঁ ইয়াত কি হৈ আছে সেয়া দেখা নাই ।

ইফালে লক্ষ্ণৌত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে ছেমি ফাইনেলত স্থান পোৱাৰ সুবিধাৰ পৰাও একপ্ৰকাৰ বঞ্চিত হৈছে ইংলেণ্ড দলটো । ইংলেণ্ডৰ প্ৰশিক্ষকৰ মতে এই পৰাজয় দলটোৰ বাবে যথেষ্ট হতাশাজনক হৈছে । তেওঁৰ মতে ইংলেণ্ডৰ বলাৰসকলে একানাত ভাৰতীয় বেটছমেনসকলক ২২৯ ৰাণতে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল । কিন্তু দ্বিতীয় ইনিংছত দুৰ্ভাগ্যবশতঃ বহু অভিজ্ঞ বেটছমেনে ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় ।

প্ৰশিক্ষক মটে কয় যে দলটোৰ প্ৰদৰ্শন আধালৈ ঠিকে আছিল । নিশ্চিতভাৱে এয়া দলটোৰ সৰ্বশ্ৰেষ্ঠ বলিং আৰু ফিল্ডিং আছিল । খেলুৱৈসকলে যথেষ্ট ইতিবাচকতাৰে বেটিং কৰিবলৈ আহিছিল । কিয়নো লক্ষ্য ইমান ডাঙৰ নাছিল । প্ৰথমে ৩০ ৰাণত এটাও উইকেট যোৱা নাছিল যদিও পৰৱৰ্তী ১০ ৰাণত ইংলেণ্ডে ৪ টা উইকেট হেৰুৱালে । যিটোৱে দলটোৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছিল বুলি প্ৰশিক্ষকগৰাকীয়ে উল্লেখ কৰে ।

প্ৰশিক্ষকগৰাকীৰ মতে ইংলেণ্ডে বছৰটোত ৫০ অভাৰৰ মাত্ৰ ৪ খন এদিনীয়া আন্তৰ্জাতিক খেল খেলিছে । সেই অভিজ্ঞতাৰে দলটোৱে এদিনীয়া বিশ্বকাপত অৱতীৰ্ণ হৈছে । যাৰ বাবে দলটোৰ ওপৰত অধিক বোজা আছিল বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :ICC World Cup 2023 : ৰোহিত শৰ্মালৈ চলিত বিশ্বকাপৰ দ্বিতীয়টো মেন অফ দ্য মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.