ETV Bharat / sports

End of An Era : শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত

author img

By

Published : Nov 9, 2021, 8:39 AM IST

Shastri-Kohli partnership eyes winning end to significant chapter in Indian cricket
শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত

সোমবাৰে টী-20 বিশ্বকাপ(T20 Worldcup)ত নামিবিয়াৰ বিৰুদ্ধে খেলা খেলখন আছিল মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী(Ravi Shastri) আৰু বিৰাট কোহলী(Virat Kohli)ৰ অন্তিমখন অংশীদাৰিত্বৰ খেল ৷ নামিবিয়াৰ বিৰুদ্ধে কৰা জয় লাভেৰে সমাপ্তি ঘটে শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰ ৷

স্প’ৰ্টছ ডেস্ক, 9 নৱেম্বৰ : অন্ত পৰিল ভাৰতীয় ক্ৰিকেট দল(Indian Cricket Team) বিদায়ী মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী(Ravi Shastri) আৰু অধিনায়ক বিৰাট কোহলী(Virat Kohli)ৰ অংশীদাৰিত্বৰ ৷ সোমবাৰে টী-20 বিশ্বকাপ(T20 Worldcup)ত নামিবিয়াৰ বিৰুদ্ধে খেলা খেলখন আছিল শাস্ত্ৰী-কোহলীৰ অন্তিমখন অংশীদাৰিত্বৰ খেল ৷

Shastri-Kohli
শাস্ত্ৰী-কোহলী

যদিও এই খেলখনেৰে টীম ইণ্ডিয়া(Team India)ই এইবাৰৰ বিশ্বকাপৰ অভিযান সমাপ্ত কৰে, কিন্তু খেলখনত ভাৰতৰ জয়লাভে শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰ ইতিবাচকভাৱে সমাপ্তি ঘটায় ৷ আগন্তুক দিনত এদিনীয়া অধিনায়কত্ব হেৰুৱাবলৈ সাজু হোৱা বিৰাট কোহলীয়ে ইতিমধ্যে আইপিএল(IPL)ৰ অধিনায়কত্ব ত্যাগ কৰিছে ৷

সোমবাৰৰ খেলখনেৰে কোহলীয়ে টী-20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ অধিনায়কত্ব পদো ত্যাগ কৰে ৷ এইবাৰৰ টী-20 বিশ্বকাপত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ আঁৰত কেৱল কোহলীৰ অধিনায়কত্বই নহয়, খেলুৱৈ নিৰ্বাচন আৰু খেলুৱৈসকলৰ ফিটনেছেও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে ৷

কোহলীক টেষ্ট মেচ(Test Match)ত অধিনায়ক হিচাপে দেখা যাব নে নাই, সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ কিন্তু যোৱা চাৰিখন আইচিচি টুৰ্ণামেণ্টত তেওঁৰ প্ৰদৰ্শনে বহুত বাকী ৰাখিছে । পৰৱৰ্তী টী-২০ বিশ্বকাপৰ বাবে এঘাৰ মাহ বাকী থকা সময়তে ভাৰতে এক নতুন ৰুটিন আৰু ন দৃষ্টিভংগীৰে অনুশীলন আৰম্ভ কৰিব বুলি আশা কৰিব পাৰি ৷

ইফালে ভাৰতে এইবাৰৰ টী-20 বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ লগে লগে মুখ্য প্ৰশিক্ষকৰ যাত্ৰা সামৰণি পৰে ৰবি শাস্ত্ৰীৰ ৷ ৰবি শাস্ত্ৰী(Ravi Shastri)ৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে ৰাহুল দ্ৰাবিড়(Rahul Dravid)ক ৷

Shastri-Kohli
শাস্ত্ৰী-কোহলী

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ পদত নিযুক্তি ৰাহুল দ্ৰাবিড়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.