ETV Bharat / sports

Cricket world cup 2023: নিতৌ আঠ কেজিমান মাংস খোৱাৰ দৰে হৈছে পাক খেলুৱৈৰ অৱস্থা: আক্ৰাম

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 6:59 PM IST

২০২৩ চনৰ বিশ্বকাপত পাকিস্তানৰ বিপৰ্জয়ৰ পিছত প্ৰাক্তন বেগী বলাৰ ৱাছিম ​​আক্ৰামে ক্ষোভ প্ৰকাশ কৰিছে । তেওঁ পাকিস্তানী দলৰ ফিটনেছ লেভেল সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ।

Cricket world cup 2023
Cricket world cup 2023

স্প’ৰ্টছ ডেস্ক, 24 অক্টোবৰ: চলিত বিশ্বকাপ ২০২৩ত প্ৰদৰ্শিত হোৱা ফিটনেছ লেভেলৰ দুৰ্বলতাৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰীয় দলটোক তীব্ৰ সমালোচনা কৰিছে কিংবদন্তি পেচাৰ ৱাছিম আক্ৰামে ৷ তেওঁ কয় যে পাকিস্তানৰ ক্ৰিকেট খেলুৱৈসকলে প্ৰতিদিনে আঠ কিলোগ্ৰাম মাংস সেৱন কৰা যেন লাগে ।

  • Wasim Akram lashing out on Pakistan Cricket Team

    “Lagda hai roz koi 8-8 Kilo Karahi khaande ne, Nihaariyaan khaande ne” pic.twitter.com/TYFssgYLQj

    — Yo Yo Funny Singh (@moronhumor) October 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিশ্বকাপত দলটোৱে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিবাচক দিশত নিজৰ অভিযান আৰম্ভ কৰিছিল যদিও তাৰ পিছত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হয় আৰু সোমবাৰে আফগানিস্তানে মেন ইন গ্ৰীণক ৮ উইকেটত পৰাস্ত কৰে ।

এই পৰাজয়ৰ লগে লগে পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা হ্ৰাস পালে ৷ নক্ আউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ হ’লে তেওঁলোকে ইতিবাচক ফলাফল প্ৰদৰ্শন কৰিব লাগিব ৷ ইয়াৰ উপৰিও আন ফলাফলসমূহৰ ওপৰতো নকআউটত প্ৰৱেশৰ সম্ভাৱনা নিৰ্ভৰ কৰিব ।

পাকিস্তানৰ ফিল্ডিং আৰু ফিটনেছ লেভেল প্ৰতিযোগিতাখনত এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে ক্ৰিকেটাৰ সমাজৰ সমালোচনাৰ সন্মুখীন হৈছে । ৱাছিম আক্ৰামে পাক দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে খেলুৱৈসকলে প্ৰতিদিনে আঠ কেজি মাংস খোৱাৰ দৰে দেখা গৈছে ।

"আজি (সোমবাৰে) লজ্জাজনক আছিল ! পাকিস্তানৰ খেলুৱৈসকলৰ ফিটনেছ লেভেল চাওক । আমি আঙুলিয়াই দিছো যে এই খেলুৱৈসকলৰ দুবছৰ ধৰি ফিটনেছ টেষ্ট কৰা হোৱা নাই ! তেওঁলোকৰ মুখবোৰ উখহি উঠিছে ! Lagta hai roz ath ath kilo niharyan khandene (দেখাত তেওঁলোকে আঠ কিলো লাহে লাহে সিজোৱা মাংস খায়) ৷” শেহতীয়াকৈ এ স্প’ৰ্টছত পাকিস্তানৰ এটা টিভি শ্ব’ত এইদৰে কয় আক্ৰামে ।

"এইসকল পেছাদাৰী খেলুৱৈ, এটা মাপকাঠী থাকিব লাগিব ! মিছবাহ-উল-হক যেতিয়া প্ৰশিক্ষক আছিল, তেতিয়া ফিটনেছৰ মাপকাঠী আছিল । খেলুৱৈসকলে তেওঁক ঘৃণা কৰিছিল । কিন্তু ই কাম কৰিলে ! ফিল্ডিঙৰ সকলোবোৰ ফিটনেছৰ কথা । তাতেই আমাৰ অভাৱ" ৷ 'চুলতান অৱ ছুইং' নামেৰে পৰিচিত আক্ৰমে লগতে কয় ।

এই পৰাজয়ৰ লগে লগে পাকিস্তান পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ পিছুৱাই গ’ল আৰু বাবৰ আজমৰ নেতৃত্বাধীন দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক: Cricket world cup 2023: কুইন্টন ডি ককৰ দৰ্শনীয় শতকেৰে বাংলাদেশক 383 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ দঃ আফ্ৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.