ETV Bharat / sports

ICC World Cup 2023 : ৰোহিতে নিজৰ বেটিঙেৰে আদৰ্শ দাঙি ধৰিছে; জাদেজা এজন বিশেষ খেলুৱৈ : সঞ্জয় জগদালে

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:56 AM IST

ICC World Cup 2023
বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ বিষয়ে সঞ্জয় জগদালেৰ মন্তব্য

প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় বাছনি সমিতিৰ প্ৰাক্তন সদস্য সঞ্জয় জগদালেই ইটিভি ভাৰতৰ পুষ্কৰ পাণ্ডেৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত চলিত বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ বিষয়ে কয় ৷ একেৰাহে আঠখন খেলত জয়লাভ কৰি এই টুৰ্ণামেণ্টত এতিয়ালৈকে অপৰাজিত হৈ আছে দলটো ৷ ভাৰতীয় দলৰ শক্তিশালী প্ৰদৰ্শনৰ আঁৰৰ ৰহস্য ব্যক্ত কৰে জগদালে।

স্পৰ্টছ ডেস্ক, 6 নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপত ভাৰতে শক্তিশালী প্ৰদৰ্শনেৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ৷ এই পৰ্যন্ত লীগ পৰ্যায়ৰ আঠখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি ভাৰতে এক অভিলেখ স্থাপন কৰিছে ৷ ইফালে ৰাষ্ট্ৰীয় বাছনি সমিতিৰ প্ৰাক্তন সদস্য সঞ্জয় জগদালেই মেন ইন ব্লুৰ এই বিস্ফোৰক প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰে ৷ মধ্যপ্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেটত 53 খন মেচ খেলা সঞ্জয় জগদালেই ভাৰতৰ ভাল প্ৰদৰ্শনৰ কাৰণ দলৰ ভাৰসাম্যতা বুলি কয় ৷

তেওঁ কয় "টিম ইণ্ডিয়াৰ বলিং সকলো পৰিস্থিতিৰ বাবে ভাল ৷ আঘাতৰ বাবে এই টুৰ্ণামেণ্টৰ পৰা বাদ পৰা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত দলৰ ভাৰসাম্যৰ কিছু অৱনতি ঘটিছে ৷ ভাৰতৰ ষষ্ঠ বলিং বিকল্প আৰু আক্ৰমণাত্মক বেটাৰ হাৰ্দিকক বাহিৰ কৰা হৈছে, কিন্তু তেতিয়াও দলটোৱে ভাল প্ৰদৰ্শন কৰিছে ৷ দলৰ প্ৰতিজন খেলুৱৈয়ে তেওঁক দিয়া দায়িত্ব নিখুঁতভাৱে পালন কৰি আছে, সেয়েহে এইয়া সম্ভৱ হৈছিল ৷"

ৰোহিত শৰ্মাই উদাহৰণ দাঙি ধৰিছে-

এই বিশ্বকাপত অধিনায়ক ৰোহিত শৰ্মাই আগ্ৰাসী বেটিঙেৰে আদৰ্শ দাঙি ধৰিছে বুলি সঞ্জয় জগদালেই কয় ৷ "ৰোহিতৰ বিশ্বকাপৰ অভিলেখ (বেটছমেন হিচাপে) উৎকৃষ্ট ৷ ইয়াৰ বাহিৰেও তেওঁ অধিনায়ক হিচাপেও ভাল প্ৰদৰ্শন আগবঢ়াইছে ৷ তেওঁ নিজৰ বেটিঙেৰে টেম্পো নিৰ্ধাৰণ কৰে, যাৰ ফলত মিডল অৰ্ডাৰত হেঁচা নপৰে ৷ তেওঁৰ আক্ৰমণাত্মক বেটিংৰ বাবে বলটো কোমল হৈ পৰে, যাৰ ফলত পিছৰ বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰাটো সহজ হৈ পৰে ৷” বিচিচিআইৰ প্ৰাক্তন সম্পাদক হিচাপেও কৰ্মৰত জগদালে মতামত দিয়ে ৷

চলিত ক্ৰিকেট বিশ্বকাপত 442 ৰাণেৰে চতুৰ্থ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হৈ আছে ৰোহিত শৰ্মা ৷ সন্মুখৰ পৰা নেতৃত্ব দি অধিনায়কজনে শুভমন গীলৰ সৈতে দলটোক এক আক্ৰমণাত্মক আৰম্ভণি দিছে ৷

ঘৰুৱা খেলত সৌৰাষ্ট্ৰৰ হৈ খেলা আৰু দেওবাৰে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলটোৱে 243 ৰাণত জয় লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাকো জগদালে প্ৰশংসা কৰে ৷

দলৰ বাবে জাডেজা বিশেষ-

সঞ্জয় জগদালেই অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ শক্তিশালী প্ৰদৰ্শনৰো শলাগ লয় ৷ তেওঁ কয় যে তেওঁৰ দৰে খেলুৱৈ প্ৰতিটো দলৰ বাবে বিশেষ ৷ বেটিং হওক, বলিং হওক বা ফিল্ডিং হওক, তেওঁ প্ৰতিখন ফিল্ডতে আচৰিত ৷ তেওঁ দলটোক এক বৃহৎ ভাৰসাম্য প্ৰদান কৰে ৷ তেওঁ দলৰ বাবে সদায় উপলব্ধ ৷" জগদালে মন্তব্য কৰে ৷

10 অভাৰৰ ভিতৰতে খেলখন টানি অনা হয়-

দেওবাৰৰ খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক 243 ৰাণত পৰাস্ত কৰে ৷ এতিয়ালৈকে প্ৰতিখন মেচতে বিশাল স্কৰ সংগ্ৰহ কৰি অহা দক্ষিণ আফ্ৰিকাৰ দলটোৱে মাত্ৰ 83 ৰাণ সংগ্ৰহ কৰি অল আউট হৈছিল ৷

সঞ্জয় জগদালেই কয় যে ভাৰতে এই মেচখন প্ৰথম 10 অভাৰতে জয়ী হৈছিল ৷ দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৰাণ অনুসৰণ কৰোঁতে সদায় উজুটি খায় ৷ দেওবাৰৰ মেচখনত ভাৰতে 300ৰো অধিক স্ক'ৰ কৰিছিল ৷ এইটো আৰামত বেটিং কৰিব পৰা উইকেট নাছিল ৷ কিন্তু শুভমন গীল আৰু ৰোহিত শৰ্মাই মেচখন ভাৰতৰ ফালে ঘূৰাই আনিছিল ৷" 73 বছৰীয়া প্ৰাক্তন প্ৰশাসকগৰাকীয়ে কয় ৷

ইংলেণ্ড দলটোৱে ভাৰতত তিষ্ঠিব নোৱাৰিলে-

চলিত বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল আৰু জ’ছ বাটলাৰৰ নেতৃত্বত থকা দলটোৱে মাত্ৰ এখন মেচত জয় আৰু ছখন মেচত পৰাজয়েৰে পইন্ট তালিকাৰ একেবাৰে তলত অৱস্থান কৰিছে ৷

ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে সেই সন্দৰ্ভত সঞ্জয় জগদালেই নিজৰ মতামত প্ৰকাশ কৰে ৷"ইংলেণ্ডৰ দলটো অতি ভাৰসাম্যপূৰ্ণ যেন লাগিছিল ৷ তেওঁলোকৰ দলৰ জ’ছ বাটলাৰ আৰু বেন ষ্ট'কছৰ ভাৰতত খেলাৰ বহু অভিজ্ঞতা আছে ৷ কিন্তু এই বিশ্বকাপত ইংলেণ্ডৰ দলটো ভাঙি যোৱা যেন লাগিছিল ৷ সঠিক সময়ত ফৰ্মত আহিব পৰা নাছিল ৷ লগতে তেওঁলোকে ভাৰতত দলৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে ৷" সঞ্জয় জগদালেই কয় ৷

লগতে পঢ়ক : Virat Kohli 49th ODI hundred: খেলৰ সময়ত আবেগ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ: কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.