ETV Bharat / sports

Cricket World Cup 2023: হাৰ্দিক পাণ্ডিয়াৰ ঠাইত কে এল ৰাহুলক ভাৰতীয় দলৰ উপ-অধিনায়ক নিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:20 PM IST

Cricket World Cup 2023
কে এল ৰাহুলক ভাৰতীয় দলৰ উপ-অধিনায়ক নিযুক্ত

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিছে কে এল ৰাহুলক। দেওবাৰে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলে ৷

স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ : আই চি চি বিশ্বকাপ 2023 ৰ বাকী অংশৰ পৰা তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বাহিৰ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে খৰখেদাকৈ পেচাৰ প্ৰসিদ্ধ কৃষ্ণক দলত অন্তৰ্ভূক্ত কৰে ৷ কিন্তু লাইন আপত পাণ্ডিয়াৰ অবিহনে আন এটা খালী পদ মুকলি হ’ল - উপ-অধিনায়কৰ শ্লট ৷

বিচিচিআইৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ আইচিচি বিশ্বকাপ 2023 ৰ বাকী খেলসমূহৰ বাবে ৰোহিত শৰ্মাৰ সহকাৰী হিচাপে নিৰ্বাচিত হৈছে উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল ৷ ইটিভি ভাৰতক নাম প্ৰকাশ নকৰাৰ চৰ্তত এক সূত্ৰই কয় যে, ‘উপ-অধিনায়ক হিচাপে আনকি (পেচাৰ) জশপ্ৰীত বুমৰাহৰ নামো প্ৰস্তাৱ কৰা হৈছিল, কিন্তু (কে এল) ৰাহুলক পছন্দ কৰা হৈছিল কাৰণ তেওঁ উইকেটকীপাৰৰ স্থানত আছে আৰু সকলো কথা ভালদৰে বুজি পায় ৷”

উল্লেখ্য যে 2022 চনত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টত (2021 চনত চাৰিখন টেষ্ট খেলা হৈছিল যদিও ভাৰতীয় দলত ক’ভিড-১৯ সংক্ৰমণৰ বাবে তেওঁলোকে টেষ্ট শৃংখলা এৰি উভতি আহিবলগীয়া হৈছিল) যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে উপ-অধিনায়কৰ কাম কৰিছিল ৷

ইফালে হাৰ্দিক পাণ্ডিয়াৰ অনুপলব্ধতাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) অৱগত কৰিছে ৷ জানিব পৰা গৈছে যে শুকুৰবাৰে বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত প্ৰশিক্ষণৰ পিছত পাণ্ডিয়াক বাহিৰ কৰা হৈছিল ৷

চলি থকা আই চি চি বিশ্বকাপৰ বাকী সময়ছোৱাৰ বাবে কে এল ৰাহুলক মেন ইন ব্লুৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে ৷ এই দায়িত্ব লাভৰ ফলত কে এল ৰাহুলে এতিয়া অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকৰ সৈতে সকলো দলীয় বৈঠকত অংশগ্ৰহণ কৰিব ৷

বিশ্বকাপৰ তালিকাৰ শীৰ্ষত থকা ভাৰতে এতিয়ালৈকে খেলা 7 খন মেচৰ আটাইকেইখনতে বিজয় সাব্যস্ত কৰিছে ৷ দেওবাৰে ইডেন গাৰ্ডেনত তালিকাৰ দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলে ৷

লগতে পঢ়ক : World Cup 2023: ভাৰতীয় দলক প্ৰশংসা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইক আথাৰটনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.