ETV Bharat / sports

Cricket World Cup 2023 : আইচিচি টুৰ্ণামেণ্টত ভাৰত বনাম নিউজীলেণ্ড; এতিয়ালৈকে কি ঘটিছে ?

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:08 PM IST

Cricket World Cup 2023
আইচিচি টুৰ্ণামেণ্টত ভাৰত বনাম নিউজীলেণ্ড

বুধবাৰে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথমখন ছেমিফাইনেলত মুখামুখি হৈছে ভাৰত-নিউজীলেণ্ড ৷ যদিও মেচআপত নিউজীলেণ্ড আগবাঢ়ি আছে, তথাপিও চলিত প্ৰতিযোগিতাখনত ভাৰতে আটাইকেইখন খেলতে জয়লাভ কৰি অসাধাৰণ ফৰ্মত আছে ৷ ইটিভি ভাৰতৰ প্ৰদীপ সিং ৰাৱটে আইচিচিৰ ইভেণ্টত দুয়োটা দলৰ ইতিহাসৰ বিষয়ে লিখিছে।

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : 2019 চনৰ 9 জুলাইত মানচেষ্টাৰত ভাৰত আৰু নিউজীলেণ্ডৰ মেচখন চলি থকা অৱস্থাত বতৰ ডাৱৰীয়া আছিল ৷ ব্লেককেপছে প্ৰথম ইনিংছত মাত্ৰ 239 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু বৰষুণৰ বাবে খেলখন ৰিজাৰ্ভ ডে’লৈ পিছুৱাই দিয়া হয় ৷ মুঠ স্ক’ৰ কম যেন লাগিছিল যদিও ভাৰতে অতি সোনকালেই 5 ৰাণতে 3 টাকৈ উইকেট হেৰুৱাব লগা হৈছিল ৷ ৰোহিত শৰ্মা, কে এল ৰাহুল, বিৰাট কোহলী আৰু দীনেশ কাৰ্তিকেও স্ক’ৰ ব’ৰ্ডত 24 ৰাণ হোৱাৰ পূৰ্বে পেভিলিয়নলৈ উভতি আহিছিল ৷ 100 ৰাণতে ভাৰতে ৬ টাকৈ উইকেট হেৰুৱাইছিল, যদিও ৰবীন্দ্ৰ জাডেজা (77) আৰু এম এছ ধোনি (50) এ 116 ৰাণৰ অংশীদাৰিত্বৰে মেচখন পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল ৷ ভাৰতীয় দলটো 221 ৰাণত অল আউট হোৱাৰ বিপৰীতে বিপক্ষ দলে 18 ৰাণত জয়লাভ কৰে ৷

ৰাণ আউট হোৱাৰ পিছত ধোনিৰ হৃদয়বিদাৰক ছবিবোৰ এতিয়াও অনুৰাগীৰ মনত আছে আৰু সেই নিশা নিউজীলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে ৷ এই দুয়োটা দলে বুধবাৰে পুনৰ ক্ৰিকেট বিশ্বকাপ 2023ৰ ছেমিফাইনেলত মুখামুখি হৈছে ৷ অৱশ্যে যেতিয়াই এই দুটা দলে আইচিচিৰ ইভেণ্টত মুখামুখি হয়, ভাৰতৰ বিৰুদ্ধে মেচ আপত দেখুৱাবলৈ নিউজীলেণ্ডৰ হাতত ভাল সংখ্যা আছে ৷ আইচিচিৰ ইভেণ্টত এই দুয়োখন দেশৰ মাজত খেলা মেচসমূহৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ৷

আই চি চি এদিনীয়া বিশ্বকাপ-

50 অভাৰৰ বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডে 10 বাৰকৈ মুখামুখি হৈছে ৷ ভাৰতে চাৰিখন মেচত জয়লাভ কৰাৰ বিপৰীতে ব্লেককেপছে 5 খন খেলত বিজয়ী হৈ ওলাই আহিছে ৷ 2019 চনত বৰষুণৰ বাবে এই দুয়ো দেশৰ মাজৰ খেলখন বাধাগ্ৰস্ত হৈছিল ৷ দুয়োটা দলে 1975, 1979, 1983, 1992, 1999, 2003, 2019, 2023 ত এবাৰ মুখামুখি হৈছে ৷ 1987 আৰু 2019 চনৰ পিছত এইখন তৃতীয় সংস্কৰণ হ’ব য’ত ভাৰত বনাম নিউজীলেণ্ডৰ খেলখন দুবাৰকৈ অনুষ্ঠিত হ’ব ৷ 1947 চনত ভাৰতে দুয়োখন খেলতে জয়লাভ কৰাৰ বিপৰীতে 2019 চনত নিউজীলেণ্ডে ছেমিফাইনেলত জয়লাভ কৰিছিল আৰু আনখন খেল পৰিতক্ত্য হৈছিল ৷ 2023ত লীগ পৰ্যায়ৰ মেচত ভাৰতে নিউজীলেণ্ডক 4 উইকেটত পৰাস্ত কৰে আৰু বুধবাৰে ছেমি ফাইনেলত দুয়োটা দল পুনৰ মুখামুখি হৈছে ৷

আই চি চি টি-২০ বিশ্বকাপ-

2007 চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে জয়লাভ কৰিছিল ৷ অৱশ্যে প্ৰতিযোগিতাখনত নিউজীলেণ্ডৰ বিৰুদ্ধে মেন ইন ব্লুৱে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷ টি-২০ ফৰ্মেটত ভাৰত প্ৰথম স্থানত আছে আৰু সীমিত অভাৰৰ খেলত তেওঁলোকৰ প্ৰদৰ্শন উজ্জ্বল যদিও টি-২০ বিশ্বকাপত এতিয়ালৈকে নিউজীলেণ্ডক পৰাস্ত কৰিব পৰা নাই ৷ কিৱিৰ বিৰুদ্ধে তিনিখন খেল খেলিছে ভাৰতে আৰু তিনিওখনতে পৰাস্ত হৈছে ৷

আই চি চি চেম্পিয়নছ ট্ৰফী-

1998 চনত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীৰ আঠটা সংস্কৰণ অনুষ্ঠিত হৈছে ৷ ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাখন নক আউট ফৰ্মেটত অনুষ্ঠিত হৈছিল যাৰ অৰ্থ হ’ল কোনো নিৰ্দিষ্ট খেলত পৰাস্ত হোৱাৰ লগে লগে দলটোৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব ৷ কিন্তু পিছত প্ৰতিযোগিতাখন ৰাউণ্ড ৰবিন ফৰ্মেটলৈ সলনি কৰা হয় ৷

2000 চনৰ সংস্কৰণৰ ফাইনেলত দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে য’ত ভাৰত 4 উইকেটত পৰাস্ত হৈছিল ৷ নিউজীলেণ্ডে টছত জয়লাভ কৰি ফাইনেলত প্ৰথমে ফিল্ডিং কৰিবলৈ বাছি লয় আৰু সৌৰভ গাংগুলীয়ে 117 ৰাণ আৰু শচীন টেণ্ডুলকাৰৰ 69 ৰাণৰ ইনিংছৰ জৰিয়তে ভাৰতে 264 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতে নিউজীলেণ্ডক 132/5 তে শলঠেকত পেলাইছিল যদিও ক্ৰীছ কেয়াৰ্নছ আৰু ক্ৰীছ হেৰিছে একত্ৰিত হৈ ষষ্ঠ উইকেটত 122 ৰাণ সংযোজন কৰে ৷ কেয়াৰ্নছে শতক অৰ্জন কৰি নিজৰ দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ৷

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-

2019 চনৰ পৰা আৰম্ভ হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন দ্বিপাক্ষিক শৃংখলাত টেষ্ট খেলি সৰ্বাধিক পইণ্ট লাভ কৰা দল দুটাৰ মাজত অনুষ্ঠিত হয় ৷ এই চেম্পিয়নশ্বিপত ভাৰত আৰু নিউজীলেণ্ডে এই পৰ্যন্ত 5 খন টেষ্ট খেলিছে ৷ ভাৰতীয় দলটোৱে মাত্ৰ এবাৰহে জয়লাভ কৰিছে ৷ 2019-21 আৰু 2021-23 ত ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োখন মেচতে পৰাস্ত হৈছিল ৷ এবাৰ নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল আৰু আন এবাৰ অষ্ট্ৰেলিয়াই আউটপ্লে’ কৰিছিল ৷

লগতে পঢ়ক : ICC World Cup 2023 : ৱাংখেড়েত ভাৰতৰ বেটিং বিক্ৰম, কোহলী-আয়াৰৰ বিস্ফোৰক শতক: নিউজীলেণ্ডৰ সন্মুখত 398 ৰাণৰ বিশাল লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.