ETV Bharat / sports

বিশ্বকাপৰ পৰা বাহিৰ ধাৱান : স্থান ল'ব ঋষভে !

author img

By

Published : Jun 19, 2019, 9:30 PM IST

বিশ্বকাপৰ পৰা বাহিৰ ধাৱান

বিশ্বকাপৰ পৰা বাহিৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ শিখৰ ধাৱান ৷ তেওঁৰ সলনি দললৈ ঋষভ পন্তক আনিবৰ বাবে আইচিচিৰ ওচৰত অনুৰোধ জনাইছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷

স্পৰ্টছ ডেস্ক, 19 জুন : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পৰা বাহিৰ হ'ব লগা হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ শিখৰ ধাৱান ৷ তেওঁৰ সলনি দললৈ ঋষভ পন্তক আনিবৰ বাবে আইচিচিৰ ওচৰত অনুৰোধ জনাইছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷ বুধবাৰে এই কথাৰ নিশ্চিতি প্ৰদান কৰে ভাৰতীয় দলৰ মেনেজাৰ সুনীল সুব্ৰমনিয়ামে ৷ এক প্ৰেছ বিজ্ঞপ্তিত সুব্ৰমনিয়ামে মন্তব্য কৰে যে, বুঢ়া আঙুলিত আঘাতৰ বাবে ধাৱান বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ লগতে তেওঁৰ স্থানত ঋষভ পন্তক স্থান দিবলৈ আইচিচিক অনুৰোধ জনোৱা হৈছে ৷

বিশ্বকাপৰ পৰা বাহিৰ ধাৱান

উল্লেখ্য যে, 33 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীয়ে জুনৰ 9 তাৰিখে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচত বাওঁহাতৰ আঙুলিত আঘাত পোৱাৰ পাছতে বিশ্বকাপ খেলাক লৈ অনিশ্চয়তা আহি পৰিছিল ৷ পূৰ্বে পাকিস্তান, আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেহে খেলৰ পৰা বাহিৰ হৈছিল যদিও আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ বাবে বিশ্বকাপৰ আটাইকেইখন মেচৰ পৰা বাহিৰ হ'ব লগা হ'ল ধাৱান ৷

SHIKHAR DHAWAN RULED OUT OF WORLD CUP

বিশ্বকাপৰ পৰা বাহিৰ শিখৰ ধাৱান

SOURCE- SPORTS DESK
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.