ETV Bharat / sports

বিশ্বকাপ:2019 ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰোহিত

author img

By

Published : Jul 2, 2019, 8:32 PM IST

বিশ্বকাপ: 2019 ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেন হ'ল ৰোহিত শৰ্মা ৷ বাংলাদেশৰ বিৰুদ্ধে 104 ৰাণ কৰাৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় খেলুৱৈগৰাকী ৷

ৰোহিত শৰ্মা

নিউজ ডেস্ক, 2 জুলাই : টীম ইণ্ডিয়াৰ 'হিটমেন' খ্যাত ৰোহিত শৰ্মা বিশ্বকাপ, 2019 ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে ৷ মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত মেচত 104 ৰাণৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 26 সংখ্যক শতক অৰ্জন কৰে ৰোহিতে ৷ অষ্ট্ৰেলিয়াৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰক পিছ পেলাই খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে ৷ সৰ্বমুঠ 544 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন গৰাকীয়ে মঙলবাৰে এইবাৰৰ বিশ্বকাপত চতুৰ্থটো শতক অৰ্জন কৰে ৷

32 বৰ্ষীয় বেটছমেন গৰাকীয়ে বাংলাদেশৰ বলাৰ সৌম্যা সৰকাৰৰ বলত উইকেট হেৰুৱায় ৷

Intro:Body:

Rohit Sarma


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.