ETV Bharat / sports

ভাৰত-পাকিস্তান সম্বন্ধক লৈ আমাৰ হাতত উত্তৰ নাই: গাংগুলী

author img

By

Published : Oct 17, 2019, 7:14 PM IST

বিচিচিআইৰ কাৰ্যভাৰ গ্ৰহণ নকৰাৰ পূৰ্বেই ভাৰত-পাকিস্তান সম্বন্ধকলৈ সৌৰভ গাংগুলীৰ প্ৰতিক্ৰিয়া ৷ ভাৰত-পাকিস্তান সম্বন্ধকলৈ কৰাৰ প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে ক’লে ইয়াৰ উত্তৰ আমাৰ হাতত নাই ৷

ভাৰত-পাকিস্তান সম্বন্ধক লৈ আমাৰ হাতত উত্তৰ নাই: গাংগুলী

স্পৰ্টছ ডেস্ক,17 অক্টোবৰঃ শেহতীয়াকৈ বিচিচিআইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ অহা 23 অক্টোবৰত আনুষ্ঠানিক ঘোষণা হোৱাৰ পাচৰে পৰা এই দায়িত্বভাৰ লাভ কৰিব গাংগুলীয়ে ৷ কিন্তু ইয়াৰ পূৰ্বেই ভাৰত-পাকিস্তান সম্বন্ধকলৈ সৌৰভ গাংগুলীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ এক সংবাদমেলত ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলাৰ বিষয়ে প্ৰশ্ন কৰাত গাংগুলীয়ে কয় যে, এই প্ৰশ্নটো ভাৰতৰ প্ৰধানমন্ত্ৰী অথবা পাকিস্তানৰ প্ৰধানমন্ত্ৰীক কৰা প্ৰয়োজন ৷ এই সন্দৰ্ভত নিশ্চিত ভাৱে দুয়োখন দেশৰ সন্মতি লোৱাৰ প্ৰয়োজন হয় ৷ কাৰণ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ চৰকাৰৰ দ্বাৰা হে নিৰ্ণয় কৰা হয় ৷ গতিকে এই সন্দৰ্ভত আমাৰ হাতত এই প্ৰশ্নৰ উত্তৰ নাই বুলি উল্লেখ কৰে গাংগুলীয়ে ৷

ভাৰত-পাকিস্তান সম্বন্ধক লৈ গাংগুলীৰ প্ৰতিক্ৰিয়া
ভাৰত-পাকিস্তান সম্বন্ধক লৈ গাংগুলীৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, 2012 চনত অন্তিমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল ৷ য’ত ভাৰতে দুখন টি-20 আৰু তিনিখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত অৱতীৰ্ণ হৈছিল ভাৰত ৷ আনহাতে গাংগুলীৰ নেতৃত্বতেই 2004 চনত ঐতিহাসিক পাকিস্তান ভ্ৰমণত গৈছিল ভাৰতীয় দলটো ৷ 1989 চনৰ কাৰ্গিল যুদ্ধৰ পাচত এইটা প্ৰথমটো পাকিস্তান ভ্ৰমণ আছিল ভাৰতৰ ৷

ETV BHARAT- IMAGE STORY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.