ETV Bharat / sports

দিবা-নৈশ টেষ্টত লাভদায়ক স্থিতিত থাকিব অষ্ট্ৰেলিয়া : ষ্টিভ স্মিথ

author img

By

Published : Jun 2, 2020, 7:39 PM IST

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া দিবা-নৈশ টেষ্ট মেচক লৈ মন্তব্য় প্ৰকাশ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথৰ । ভাৰতৰ তুলনাত অষ্ট্ৰেলিয়া দলটো অধিক লাভজনক স্থিতিত থাকিব বুলি উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ।

slight advantage for australia in day night test steve smith
slight advantage for australia in day night test steve smith

স্পৰ্টছ ডেস্ক, 2 জুনঃ COVID-১৯ ৰ পৰিসমাপ্তিৰ পাচতেই ভাৰত বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়া । অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব এই টেষ্ট শৃংখলা । য'ত ভাৰতে এখন দিবা-নৈশ টেষ্ট মেচতো মুখামুখি হ'ব কেংগাৰু বাহিনীৰ । শেহতীয়াকৈ এই দিবা-নৈশ টেষ্ট মেচলৈ এক মন্তব্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ প্ৰতিভাশালী বেটছমেন ষ্টিভ স্মিথৰ । খেলুৱৈগৰাকীৰ মতে, ভাৰতৰ তুলনাত অষ্ট্ৰেলিয়াৰ পিংক বল টেষ্টত খেলাৰ অভিজ্ঞতা অধিক, যাৰ বাবে দুয়োখন দেশৰ মাজত হ'বলগীয়া পিংক বল টেষ্টখনত অষ্ট্ৰেলিয়া অধিক লাভজনক স্থিতিত থাকিব বুলি কয় আশা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, ক্ৰিকেট অষ্ট্ৰেলিয়াই বিগত সপ্তাহতেই ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চাৰিখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল । এডিলেটত 11 ডিচেম্বৰৰ পৰা হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচ হ'ব পিংক বল টেষ্ট ।

খেলুৱৈগৰাকীয়ে এক ফেচবুকত শ্বেচনত ভাৰতৰ তুলনাত অধিক দিবা-নৈশ মেচ খেলাৰ অভিজ্ঞতা থকাৰ বাবে অষ্ট্ৰেলিয়া অধিক লাভজনক পৰিস্থিতিত উপনীত থকাৰ সম্ভৱনা ব্যক্ত কৰিছিল । অৱশ্যে কলকাতাত ভাৰতে নিজৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচত সুন্দৰ প্ৰদৰ্শন কৰিছিল বুলিও কয় স্মিথে । ভাৰতীয় দলত এনে বেটছমেন আছে যিয়ে পিংক বলটো কঠিন পৰিস্থিতিত মোকাৱিলা কৰিবলৈ সক্ষম আৰু তেওঁলোকৰ বলিং বিশ্বস্তৰীয় । আনহাতে দলটোত বিশ্বস্তৰীয় এনে বেটছমেন আছে যিয়ে যি কোনো পৰিস্থিতিৰ সৈতে সামাঞ্জস্য মিলাবলৈ সক্ষম । গতিকে এক ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে অষ্ট্ৰেলিয়ান খেলুৱৈগৰাকীয়ে ।

আনহাতে বলত থুঁ লগোৱা নিষেধাজ্ঞা সন্দৰ্ভতো স্মিথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মই স্বভাৱিকতে এজন বেটছমেন যদিও বেট আৰু বলৰ মাজত সমান প্ৰতিদ্বন্দ্বিতা চোৱাৰ আগ্ৰহী । মই ভাৱো খেলৰ বাবে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ । আপুনি কেতিয়াও চোৱাৰ পক্ষপাতি নহ'ব যে বলাৰে বলৰ দ্বাৰা অকনো সহায় লাভ নকৰা । ইয়াৰ সমাধান উলিওৱা অতিকৈ জৰুৰী বুলি কয় স্মিথে । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাক লক্ষ্য় ৰাখিয়ে বলত থুঁ বা চালাইভা লগোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে আইচিচিয়ে । যিটোৱে বলাৰৰ ক্ষেত্ৰত মেচত অসুবিধাৰ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে ।

আগন্তুক 11 অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অৱতীৰ্ণ হ'ব ভাৰত ।

লগতে চাওকঃ কলিয়াবৰত প্ৰথমজন Covid 19ত আক্ৰান্ত ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.