ETV Bharat / sports

চালাইভাৰ নিষিদ্ধই বলাৰক ৰবট কৰি তুলিব : ৱাছিম আক্ৰাম

author img

By

Published : Jun 11, 2020, 4:32 PM IST

আইচিচিয়ে শেহতীয়াকৈ বলত থু ব্য়ৱহাৰৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাচতেই এই সিদ্ধান্তক লৈ কিছু অসন্তুষ্টি প্ৰকাশ কৰা দেখা পোৱা গৈছে পাকিস্তানৰ কিংবদন্তি খেলুৱৈ ৱাছিম আক্ৰামক । আইচিচিৰ এই সিদ্ধান্তৰ পাচতেই এক সকীয়নি প্ৰদান কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

Saliva ban will make bowlers 'robots', warns Wasim Akram
Saliva ban will make bowlers 'robots', warns Wasim Akram

স্পৰ্টছ ডেস্ক, 11 জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিৰ দ্বাৰা বলত থু অথবা চালাইভা ব্যৱহাৰৰ নিষেধাজ্ঞা কৰাক লৈ এক সকীয়নি প্ৰদান কৰিছে পাকিস্তানৰ কিংবদন্তি খেলুৱৈ ৱাছিম আক্ৰামে । আক্ৰামে কৈছে ইয়াৰ দ্বাৰা বলাৰ সকল "ৰবট"ৰ দৰে হৈ পৰিব ।

চালাইভাৰ নিষিদ্ধই বলাৰক ৰবট কৰি তুলিব : ৱাছিম আক্ৰাম
চালাইভাৰ নিষিদ্ধই বলাৰক ৰবট কৰি তুলিব : ৱাছিম আক্ৰাম

সচৰাচৰে বলৰ চুইং লাভৰ বাবে ক্ৰিকেট মেচত বলাৰে তথা ফ্লিডিং কৰি থকা দলে বলত থুৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । বলৰ এটা কোণত উজ্জ্বলতা বজাই ৰাখি চুইং লাভৰ বাবে খেলুৱৈয়ে এই প্ৰক্ৰিয়াৰ অৱলম্বন কৰে ।

কিন্তু শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ দিশটো লক্ষ্য ৰাখি আইচিচিয়ে চালাইভা ব্য়ৱহাৰৰ ওপৰত নিষধাজ্ঞা আৰোপ কৰিছে । অৱশ্য়ে এতিয়াও বলত ঘামৰ ব্য়ৱহাৰৰ অনুমতি দিয়া হৈছে ।

এই সন্দৰ্ভতেই চুইং অবিহনে বলাৰ সকল ৰবটৰ দৰে হৈ পৰিব বুলি মন্তব্য় প্ৰকাশ কৰিছে ৱাছিম আক্ৰামে । লগতে তেওঁৰ বাবে এইটো এটা অস্বভাৱিক পৰিস্থিতি বুলিও উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

অৱশ্যে কঠিন সময়ত তেওঁ সুৰক্ষাৰ কথাটো গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি বলাৰক চুইং লাভৰ বাবে বলৰ পূৰণা হোৱালৈ অপেক্ষা কৰিব লাগিব বুলি কয় । ইপিনে কিছু কিছু দেশত ঠাণ্ডা হোৱাৰ বাবে চুইং লাভৰ বাবে ঘামৰ ব্য়ৱহাৰ কৰা সম্ভৱ নহ'ব আনহাতে ঘামৰ অতিপাত ব্য়ৱহাৰে বলটোক অধিক ভিজাই তুলিব বুলিও কয় আক্ৰামে ।

আইচিচিয়ে এই সন্দৰ্ভত আগন্তুক দিনত এটা যুক্তিপূৰ্ণ সমাধান উলিয়াব বুলি আশা প্ৰকাশ কৰিছে আক্ৰামে । লগতে কৃত্ৰিম পদাৰ্থৰ ব্যৱহাৰ কৰিব পৰা যায় নেকি তাৰ ওপৰতো চিন্তা কৰাৰ লগতে সীমিত পৰিমাণে বল টেম্পাৰিং কৰাৰ অনুমতি দিয়াৰ ওপৰতো বিবেচনা কৰিবলৈ আহ্বান জনাইছে খেলুৱৈগৰাকীয়ে । ক্ৰিকেট ইতিমধ্যে অধিক বেটছমেনৰ পক্ষত ঢাল খাইছে বুলিও কয় পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

লগতে চাওকঃ ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.