ETV Bharat / sports

নিগেটিভৰ পিচত পুনৰ কোভিড পজিটিভ মহম্মদ হাফিজ

author img

By

Published : Jun 27, 2020, 1:14 PM IST

মহম্মদ হাফিজলৈ নামি আহিছে বিপদ । পাকিস্তানী খেলুৱৈগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ । পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা কৰা কৰ'ণা পৰীক্ষণত দ্বিতীয়বাৰৰ বাবে ক'ভিড পজিটিভ মহম্মদ হাফিজ । উল্লেখ্য যে, প্ৰথমে পজিটিভ পোৱা হাফিজে ব্যক্তিগত ভাৱে টেষ্ট কৰোৱাই নিগেটিভ হোৱাৰ কথা উল্লেখ কৰিছিল ।

Mohammad Hafeez again found positive for coronavirus in PCB second test
নিগেটিভৰ পিচত পুনৰ কোভিড পজিটিভ মহম্মদ হাফিজ

স্পৰ্টছ ডেস্ক, 27 জুলাই : প্ৰথমে পজিটিভ তাৰ পাচত নিগেটিভ । কিন্তু পুনৰ বাৰ কৰ'ণা পজিটিভ ওলাল মহম্মদ হাফিজৰ ফলাফল । এই ফলাফলৰ পাচতেই এতিয়া আন এক বিপদৰ সন্মুখীন হ'ব পাৰে খেলুৱৈগৰাকী । মহম্মদ হাফিজৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা গ্ৰহণ কৰিব পাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ।

বুধবাৰে হাফিজে নিজকে নিগেটিভ বুলি কোৱাৰ পাচতেই পাকিস্তান ক্ৰিকেটৰ ব'ৰ্ডৰ দ্বাৰা পুনৰবাৰ কৰোৱা হৈছিল খেলুৱৈগৰাকীৰ কৰ'ণা টেষ্ট । য'ত দ্বিতীয়বাৰৰ বাবে পজিটিভ পোৱা গ'ল খেলুৱৈগৰাকীক । এতিয়া খেলুৱৈগৰাকীৰ ওপৰত পৃথক আৱসগৃহ কক্ষত থাকিবলৈ অস্বীকাৰ কৰা,ব'ৰ্ডৰ আইন ভংগ কৰাৰ বাবে খেলুৱৈৰগৰাকীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ওপৰত চিন্তা চৰ্চা কৰি থকা হৈছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা ।

28 জুনত ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ইংলেণ্ডলৈ উৰা মাৰিব পাকিস্তান ক্ৰিকেট দলটোৱে । তাৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা শৃংখলাৰ বাবে ঘোষিত 29 গৰাকী খেলুৱৈৰ কৰোৱা হৈছিল কৰ'ণা পৰীক্ষণ । য'ত সোমবাৰে তিনিগৰাকী আৰু মঙলবাৰে সাতগৰাকী খেলুৱৈ মুঠ 10 গৰাকী খেলুৱৈৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । যাৰ ভিতৰত অন্তৰ্ভুক্ত আছিল মহম্মদ হাফিজৰ নাম ।

কিন্তু ইয়াৰ এদিন পাচতেই বুধবাৰে মহম্মদ হাফিজে নিজাববীয়াকৈ টেষ্ট কৰোৱাত তেওঁৰ ফলাফল নিগেটিভ অহা বুলি টুইট যোগে উল্লেখ কৰিছিল । যাৰ বাবে পুনৰ ক্ৰিকেট বৰ্ডৰ দ্বাৰা কৰোৱা হয় খেলুৱৈগৰাকীৰ টেষ্ট । যাৰ ফলাফল পুনৰ পজিটিভ পোৱা গৈছে ।

লগতে চাওকঃ বানে বুৰালে টিহুৰ বিস্তীৰ্ণ অঞ্চল: নীৰৱ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.