ETV Bharat / sports

পাকিস্তানৰ বিশ্বকাপৰ দলত প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা মহম্মদ আমিৰৰ

author img

By

Published : May 2, 2019, 6:05 PM IST

বিশ্বকাপৰ বাবে ঘোষিত হোৱা পাকিস্তানৰ 15 জনীয়া দললৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা বিধ্বংসী বলাৰ মহম্মদ আমিৰৰ। এই আশা ৱাছিম আক্ৰামৰ

মহম্মদ আমিৰ

স্পৰ্টছ ডেস্ক, ২ মেঃ মহম্মদ আমিৰৰ অনুৰাগীৰ বাবে আহিছে সুখবৰ। আগন্তুক ৩০ মে' ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পাকিস্তানৰ দলত অন্তৰ্ভূক্ত হ'ব পাৰে মহম্মদ আমিৰৰ নাম। এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ ৱাছিম আক্ৰামে। আক্ৰামৰ মতে বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া শৃংখলাত আমিৰে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'লেই দলত স্থান লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব। কাৰণ ইংলেণ্ডৰ পিট্ছ অনুসৰি মহম্মদ আমিৰ হৈছে তেওঁৰ বাবে এজন উৎকৃষ্ট বলাৰ।

etv bharat
Pakistan World Cup Squad

উল্লেখ্য যে,বিশ্বকাপৰ বাবে ঘোষণা কৰা পাকিস্তানৰ ১৫ জনীয়া সদস্যৰ দলত আমিৰৰ নাম অন্তৰ্ভূক্ত কৰা নাছিল। আই চি চিৰ নিয়ম অনুসৰি আগন্তুক ২৩মে'ৰ ভিতৰত সকলো দলে ইচ্ছা কৰিলে সলনি কৰিব পাৰিব দলৰ সদস্য়। গতিকে এতিয়াও বিশ্বকাপৰ পথ ৰুদ্ধ হোৱা নাই আমিৰৰ।

লগতে পঢ়কঃ আই পি এলত আজি মুম্বাই বনাম হায়দৰাবাদ

ঘোষিত পাকিস্তান দলটোত আছে -ফখৰ জামান,ইমান-উল-হক,আবিদ আলী,বাবৰ আজম,ছয়েব মালিক,মহম্মদ হাফিজ,হাৰিছ ছহেল,ছৰফৰাজ আহমদ (অঃ) ছাদাব খান,ইমান ৱাছিম,হছন আলী,ফহিম অশ্বৰফ,মহম্মদ হাছনেইন,এছ আফ্ৰিদি, জুনেদ খান ।


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.