ETV Bharat / sports

চতুৰ্থ খন টি-20ঃ 166 ৰানৰ লক্ষ্য ভাৰতৰ

author img

By

Published : Jan 31, 2020, 2:55 PM IST

চতুৰ্থ খন টি-20ঃ 166 ৰানৰ লক্ষ্য ভাৰতৰ
চতুৰ্থ খন টি-20ঃ 166 ৰানৰ লক্ষ্য ভাৰতৰ

শৃংখলা জয়ৰ পাচত আজি চতুৰ্থখন টি-20 মেচত মুখামুখি হৈছে ভাৰত আৰু নিউজিলেণ্ড ৷ প্ৰথমে বেটিং কৰি 8 উইকেটৰ বিনিময়ত 165 ৰান সংগ্ৰহ ভাৰতৰ ৷

স্পৰ্টছ ডেস্ক, 31 জানুৱাৰীঃ আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে পাঁচখন মেচৰ টি-20 শৃংখলাৰ চতুৰ্থখন মেচ ৷ নিউজিলেণ্ডৰ ৱালিংটনত অনুষ্ঠিত হোৱা মেচখনত টছত জয় লাভ কৰি নিউজিলেণ্ড প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷ ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 165 ৰান কৰিবলৈ সক্ষম হয় ৷

নিউজিলেণ্ডক 166 ৰানৰ লক্ষ্য ভাৰতৰ
নিউজিলেণ্ডক 166 ৰানৰ লক্ষ্য ভাৰতৰ

ভাৰতৰ হৈ মনিষ পাণ্ডেয়ে সৰ্বাধিক অপৰাজিত 50 ৰান কৰিবলৈ সক্ষম হয় ৷ লগতে কে.এল ৰাহুলে 39, বিৰাট কোহলিয়ে 11, সঞ্জু ছেমচনে 8, শ্ৰেয়াছ আয়াৰে 1, শিৱম ডুৱেয়ে 12 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইতিমধ্যে 3-0 ব্যৱধানত অগ্ৰগতি লাভ কৰি শৃংখলা নিজৰ নাম কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷

তৃতীয় টি-20 ত ৰোহিতৰ উইনিং শ্ব’ট
তৃতীয় টি-20 ত ৰোহিতৰ উইনিং শ্ব’ট

তৃতীয়খন টি-20 ত চুপাৰ অভাৰত জয় লাভ কৰি ভাৰতে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল ৷ অন্তিম দুটা বলত দুটা ছিক্স কোৱাই ভাৰতৰ জয় সু-নিশ্চিত কৰিছিল ৰোহিতে ৷ চতুৰ্থখন মেচত ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছে ৷ আজিৰ মেচখনত ভাৰতীয় দলত স্থান দিয়া হৈছে সঞ্জু ছেমচন, ৱাশ্বিংটন সুন্দৰ আৰু নৱদ্বীপ চাইনীক ৷ ইপিনে নিউজিলেণ্ড দলটোত দুটা সাল-সলনি কৰা হৈছে ৷ কেন উলিয়ামচনৰ সলনি ডেৰেল মিটচেল আৰু ডী গ্ৰেণ্ডহোমৰ সলনি টম ব্ৰুছক স্থান দিয়া হৈছে ৷

Intro:Body:

INDIA VS NWZILANG


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.