ETV Bharat / sports

পিংক টেষ্টঃ বৃহৎ জয়ৰ দিশে অগ্ৰসৰ ভাৰত

author img

By

Published : Nov 23, 2019, 10:09 PM IST

Updated : Nov 24, 2019, 12:01 AM IST

বাংলাদেশৰ প্ৰথম ইনিংছৰ 106 ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ 9 উইকেটত 347 ৰান কৰি ঘোষণা প্ৰথম ইনিংছ ৷ 241 ৰানৰ অগ্ৰগতিৰে বৃহৎ জয়ৰ দিশে ভাৰত ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত বাংলাদেশৰ দ্বিতীয় ইনিংছত স্ক’ৰ 6 উইকেটৰ বিনিময়ত 152 ৰান । ভাৰতক ঐতিহাসিক টেষ্ট মেচখনত জয়ৰ বাবে প্ৰয়োজন ৪ উইকেটৰ ।

পিংক টেষ্টঃ বৃহৎ জয়ৰ দিশে অগ্ৰসৰ ভাৰতৰ, প্ৰয়োজন 4 উইকেটৰ

স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ: ভাৰত আৰু বাংলাদেশৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ থকা ঐতিহাসিক টেষ্ট মেচত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷ বাংলাদেশৰ প্ৰথম ইনিংছৰ 106 ৰানৰ বিনিময়ত ভাৰতে প্ৰথম ইনিংছ ঘোষণা কৰে 9 উইকেট হেৰুৱাই 347 ৰানত ৷ ফলত প্ৰথম ইনিংছত 241 ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰে ভাৰতীয় দলটোৱে ৷ বৰ্তমান দ্বিতীয় দিনৰ খেলৰ অন্তত বাংলাদেশে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছে 6 উইকেট হেৰুৱাই 152 ৰান । ভাৰতৰ হৈ ইশান্ত শৰ্মাই 4 টা উইকেট লাভ কৰাৰ বিপৰীতে উমেশ যাদৱে লাভ কৰিছে 2 টা উইকেট । বৰ্তমান ভাৰতৰ শৃংখলা 2-0 ব্যৱধানত জয় লাভ কৰিবলৈ প্ৰয়োজন ৪ উইকেটৰ ৷

27 সংখ্যক শতক অৰ্জন বিৰাটৰ
27 সংখ্যক শতক অৰ্জন বিৰাটৰ

ভাৰতৰ হৈ বিৰাট কোহলিয়ে 27 সংখ্যক শতক অৰ্জন কৰি 136 ৰান কৰাৰ বিপৰীতে ময়ংক আগৰৱাল 14, ৰোহিত শৰ্মা 21, চেতেশ্বৰ পূজাৰা 55, অজ্যিংকা ৰাহানে 51, ৰবিন্দ্ৰ জাডেজা 12, ঋদ্ধিমান শ্বাহা অপৰাজিত 17, ৰবি চন্দ্ৰন আশ্বিন 9, উমেশ যাদৱ 0, ইশান্ত শৰ্মা 0, মহম্মদ শ্বামীয়ে অপৰাজিত 10 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ বাংলাদেশৰ হৈ অল আমিন হুছেইনে 3 টা, ইবাদত হুছেইনে 3 টা, আবু জায়েদ 2 টা, তাইজুল ইছলাম 1 টা কৈ উইকেট লাভ কৰে ৷

ইডেন গাৰ্ডেনত ঐতিহাসিক পিংক টেষ্ট
ইডেন গাৰ্ডেনত ঐতিহাসিক পিংক টেষ্ট
খেলখনত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ অহা বাংলাদেশ দলটোৱে ভাৰতীয় পেছ বলিঙৰ আগত ধৰাশায়ী হয় ৷ দলটোৱে ক্ৰীজত কেৱল 30.3 অভাৰ তিষ্টি থাকিব নোৱাৰি আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল কেৱল 106 ৰান ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 23 ৰান কৰিবলৈ সক্ষম হৈছিল শ্বাদমান ইছলামে ৷ আনহাতে ইমৰুল কায়েছ 4, অধিনায়ক মমিনুল হক 0, মহম্মদ মিথুন 0, মুছফিকুৰ ৰহিম 0, মহম্মদুল্লাহ 6, লিটন দাস 24 (ৰিটায়াৰ হাৰ্ট), নায়িম হাছান 19, ইবাদত হুছেইন 1, মেহন্দি হাছান 8, আবু জায়েদ 0 আৰু অল-আমিন হুছেইনে অপৰাজিত 1 ৰানৰ বৰঙণি দিছিল ৷ ভাৰতৰ হৈ মেচখনত ইশান্ত শৰ্মাই লাভ কৰিছিল পাঁচটা উইকেট ৷

ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টত পাঁচটা উইকেট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈল হয় ইশান্ত ৷ ইশান্ত শৰ্মাই 12 অভাৰত 22 ৰান দি 5 টা, উমেশ যাদৱে 7 অভাৰত 29 ৰান দি 3 টা, মহম্মদ শ্বামীয়ে 10.3 অভাৰত 36 ৰান দি 2 টা উইকেট দখল কৰে ৷

লগতে চাওক-জনজাতি সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

Intro:Body:Conclusion:
Last Updated : Nov 24, 2019, 12:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.