ETV Bharat / sports

আইচিচি ৰেংকিঙৰ শীৰ্ষ স্থানত কোহলী

author img

By

Published : Apr 1, 2021, 6:06 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আইচিচিৰ এদিনীয়া ক্ৰিকেটৰ বেটছমেনৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৷

Kohli retains top spot
আই চি চি ৰ ৰেংকিঙত শীৰ্ষ স্থানত কোহলী

স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে এদিনীয়া বেটছমেনৰ বাবে আইচিচিৰ ৰেংকিঙত শীৰ্ষ স্থান বজাই ৰাখিছে ৷ আনহাতে, ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে বুধবাৰে প্ৰকাশ পোৱা বলাৰৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় এদিনীয়াত ৫৬ আৰু ৬৬ ৰাণ কৰা কোহলীয়ে সংগ্ৰহ কৰিছে ৮৭০ পইণ্ট ৷

ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বল শৃংখলাৰ পৰা বিশ্ৰাম লোৱা বুমৰাহে বলাৰৰ তালিকাত চতুৰ্থ স্থানলৈ অৱনিত হৈছে আৰু ৬৯০ পইণ্ট দখল কৰিছে । পাকিস্তানৰ বাবৰ আজমৰ পিছত ভাৰতৰ সীমিত অভাৰৰ উপ-অধিনায়ক ৰোহিত শৰ্মা তৃতীয় স্থানত আছে ৷ আনহাতে, কে এল ৰাহুল ৩১ তম স্থানৰ পৰা ২৭ তম স্থানলৈ উত্তৰণ ঘটিছে ।

অ'লৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই শেহতীয়া ৩৫ আৰু ৬৪ ৰাণৰ পিছত বেটছমেনসকলৰ মাজত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৪২ তম স্থান অৰ্জন কৰিছে আৰু ঋষভ পন্তে শীৰ্ষ এশ গৰাকীৰ মাজত প্ৰৱেশ কৰিছে। বিগত ফাইনেল খেলখনত ৪২ ৰাণত তিনিটা উইকেট দখল কৰা চিম বলাৰ ভুৱনেশ্বৰ কুমাৰে একবিংশতম স্থান লাভ কৰিছে, যি ২০১৭ চনৰ ছেপ্টেম্বৰত দশম হোৱাৰ পিছত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ স্থান । একেখন খেলত ৬৭ ৰাণ কৰাৰ বাবে ছাৰদুল ঠাকুৰে পূৰ্বৰ ৯৩ ৰ পৰিৱৰ্তে ৮০ তম স্থানলৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

ইংলেণ্ডৰ হৈ অলৰাউণ্ডাৰ বেন ষ্টকছে দ্বিতীয় এদিনীয়া খেলত ৫২ বলত ৯৯ ৰাণ কৰি চাৰিটা স্থান আগুৱাই ২৪ তম স্থানলৈ অগ্ৰসৰ হৈছে আৰু অল-ৰাউণ্ডাৰৰ মাজত দ্বিতীয় স্থানত আছে ৷ আনহাতে জনি বেয়াৰষ্ট'ই একেখন খেলত তেওঁৰ প্ৰচেষ্টাৰ বাবে উত্তৰণ ঘটাই ৭৯৬ ৰেটিং পইণ্ট স্পৰ্শ কৰি সপ্তম স্থান বজাই ৰাখিছে।

টি-২০ বেটিং তালিকাত ৰাহুল আৰু কোহলী দুয়োজনে এটা স্থান অৱনমিত হৈছে আৰু এতিয়া ক্ৰমান্বয়ে পঞ্চম আৰু ষষ্ঠ স্থানত আছে। শেহতীয়া টি-২০ ৰেংকিঙত বলাৰ আৰু অ'লৰাউণ্ডাৰৰ মাজত শীৰ্ষ-১০ ত আন কোনো ভাৰতীয়ক স্থান দিয়া হোৱা নাই । টেষ্ট ৰেংকিঙত স্পীনাৰ আৰ অশ্বিনে অষ্ট্ৰেলিয়াৰ পেট কামিন্সৰ পিছত দ্বিতীয় স্থান বজাই ৰাখিছে।অ'লৰাউণ্ডাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজা তৃতীয় স্থানত আছে আৰু অশ্বিনে চতুৰ্থ স্থান দখল কৰিছে । কোহলী বেটছমেনসকলৰ মাজত পঞ্চম স্থানত আছে আনহাতে উইকেট কীপাৰ বেটছমেন পন্ত আৰু ৰোহিতে সপ্তম স্থান ভাগ-বতৰা কৰিছে।

লগতে পঢ়ক : আইপিএল ২০২১: চেন্নাইত উপস্থিত মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.