ETV Bharat / sports

দুবছৰ পূৰ্বেই গীলে সুবিধা লাভ কৰিব লাগিছিল : আগৰকাৰ

author img

By

Published : Dec 26, 2020, 10:44 PM IST

দুবছৰ পূৰ্বেই শুভমন গীলে সুবিধা লাভ কৰিব লাগিছিল বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ অজিত আগৰকাৰে ৷ বেটিঙৰ সময়ত গীলৰ আত্মবিশ্বাস পৰিলক্ষিত হোৱা বুলি মন্তব্য কৰে আগৰকাৰে ৷

শুভমন গীল
শুভমন গীল

স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ : দুবছৰ আগতেই শুভমন গীলে আত্মপ্ৰকাশ ঘটাব লাগিছিল ভাৰতীয় টেষ্ট দলত ৷ এই মন্তব্য প্ৰাক্তন ফাষ্ট বলাৰ অজিত আগৰকাৰৰ ৷ উল্লেখ্য যে, শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বলাৰ মহম্মদ ছিৰাজৰ সৈতে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাই শুভমন গীলে ৷ প্ৰথম দিনাৰ বেটিঙৰ অন্তত তেওঁ অপৰাজিতভাৱে 38 বলত সংগ্ৰহ কৰে 28 ৰাণ ৷

অজিত আগৰকাৰে কয়, "তেওঁ কিছু বছৰ আগতেই এই সুবিধা লাভ কৰিব লাগিছিল ৷ তেওঁক সাজু দেখা গৈছে ৷ তেওঁৰ ক্ষমতা ভালদৰে পৰিলক্ষিত হৈছে ৷"

চতুৰ্থ অ'ভাৰত পাঁচ ৰাণতে তেওঁ এক জীৱনদান পোৱাৰ পাচত তেওঁ পাঁচটাকৈ চাৰি কোবাবলৈ সক্ষম হয় ৷ মায়ংক আগৰৱাল আউট হোৱাৰ পাচত তেওঁ চেতেশ্বৰ পূজাৰাৰ সৈতে দলৰ গুৰুদায়িত্ব বহন কৰি 36/1 ৰাণ সংগ্ৰহ কৰি আজিৰ দিনটোৰ খেলৰ সামৰণি মাৰে ৷

আগৰকাৰে কয়, "তেওঁ প্ৰতিটো বলেই অধিক আত্মবিশ্বাসেৰে খেলে ৷ তেওঁ এক জীৱনদান লাভ কৰিলে ৷ আশা কৰো তেওঁ ইয়াক সফলতালৈ ৰূপান্তৰিত কৰিব ৷"

লগতে পঢ়ক : টেষ্টত আত্মপ্ৰকাশ ঘটাই দেউতাৰ সপোন পূৰণ কৰিলে ছিৰাজে : ভাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.