ETV Bharat / sports

অথলে গ'ল ফখৰ জামানৰ 193 : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত পাকিস্তান

author img

By

Published : Apr 5, 2021, 10:18 AM IST

দেওবাৰে জোহান্সবাৰ্গত হোৱা দ্বিতীয়খন এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে 17 ৰানত বিজয় সাব্যস্ত কৰি সমতা স্থাপন কৰে দক্ষিণ আফ্ৰিকাই ৷ দক্ষিণ আফ্ৰিকাই 50 অভাৰত 6 উইকেটৰ বিনিয়মত 341 ৰানৰ সীমা বান্ধি দিয়ে পাকিস্তানক ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত পাকিস্তান
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত পাকিস্তান

স্পৰ্টছ ডেস্ক, 5 এপ্ৰিল : দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ মাজত চলি থকা 3 খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত 1-1 ত সমতা স্থাপন কৰিছে দুয়োটা দলে ৷ দেওবাৰে জোহান্সবাৰ্গত হোৱা দ্বিতীয়খন এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে 17 ৰানত বিজয় সাব্যস্ত কৰি সমতা স্থাপন কৰে দক্ষিণ আফ্ৰিকাই ৷ দক্ষিণ আফ্ৰিকাই 50 অভাৰত 6 উইকেটৰ বিনিয়মত 342 ৰানৰ সীমা বান্ধি দিয়ে পাকিস্তানৰ বিৰুদ্ধে ৷

পাকিস্তানৰ অ'পেনাৰ ফখৰ জামানৰ আক্ৰমণাত্মক বেটিঙে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰিছিল ৷ কিন্তু ফখৰ জামানৰ দূৰ্দান্ত বেটিঙে দলটোক জয়ৰ মুখ দেখুৱাব নোৱাৰিলে ৷ 155 টা বলত 18 টা চাৰি আৰু 10 ছয়ৰে পাকিস্তানৰ বাবে 193 ৰানৰ বৰঙণি আগবঢ়াই ফখৰ জামানে ৷ পাকিস্তানে 50 অভাৰত 9 টা উইকেটৰ বিনিময়ত 324 ৰানহে কৰিবলৈ সক্ষম হয় ৷

ইফালে, প্ৰথমৰ পৰাই আক্ৰমণাত্মক হৈ পৰে দক্ষিণ আফ্ৰিকা দলটো ৷ কুইন্টন ডি ক'কে 86 টা বলত 80 ৰান আৰু টেম্বা বেভুমাই 102 টা বলত 92 ৰানৰ বৰঙণি আগবঢ়ায় ৷

লগতে পঢ়ক: ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ চন্দ্ৰা নাইডুৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.