ETV Bharat / sports

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজ: দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ জফ্ৰা আৰ্চাৰ

author img

By

Published : Jul 16, 2020, 3:36 PM IST

England vs West Indies: Jofra Archer excluded from miss second Test after breaching team's bio-secure protocols
England vs West Indies: Jofra Archer excluded from miss second Test after breaching team's bio-secure protocols

বায়’-প্ৰ’টক’ল নিয়ম উলংঘন কৰাৰ বাবে দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হ’ল ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰ ৷

স্পৰ্টছ ডেস্ক, 16 জুলাই : ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ কিছু ঘণ্টাৰ পূৰ্বে ইংলেণ্ড দলৰ পৰা বাহিৰ কৰা হ’ল দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰক ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বান্দি দিয়া বায়’-প্ৰ’টক’ল সুৰক্ষাৰ নিয়ম উলংঘন কৰাৰ বাবেই দলৰ পৰা বাহিৰ কৰা হয় খেলুৱৈগৰাকীক ৷

দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ জফ্ৰা আৰ্চাৰ
দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ জফ্ৰা আৰ্চাৰ

প্ৰথমখন টেষ্টত ঘৰুৱা দলটোৱে পৰাজয়বৰণ কৰাৰ পাচত মেনচেষ্টৰৰ অল্ড ট্ৰফৰ্ড ষ্টেডিয়ামত আজি দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব ৷ ভাৰতীয় সময় অনুসৰি 3.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ নিয়ম উলংঘন কৰাৰ বাবেই দলৰ পৰা বাহিৰ কৰা হয় বেগী বলাৰজনক ৷ এতিয়া আৰ্চাৰক 5 দিনৰ আইচ’লেচনত থকাৰ লগতে দলত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে কোভিডৰ দুটাকৈ পৰীক্ষা নিগেটিভ অহাটো অতন্তই জৰুৰী ৷

  • Official Statement: Jofra Archer

    — England Cricket (@englandcricket) July 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে এই অনাকাংক্ষিত ভুলৰ বাবে ইতিমধ্যে খেলুৱৈগৰাকীয়ে ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট বৰ্ডক নিজৰ ক্ষমা-প্ৰাৰ্থনা বিচাৰিছে খেলুৱৈগৰাকীয়ে ৷ ষ্টুৱাৰ্ড বৰ্ডৰ স্থানত প্ৰথমখন টেষ্টত স্থান দিয়া হৈছিল জফ্ৰা আৰ্চাৰক ৷

লগতে চাওক-ইউএছ অ’পেনত নাডালৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.