ETV Bharat / sports

ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ডৰ মেচ : কি কি আছে নতুন নিয়ম !

author img

By

Published : Jul 8, 2020, 3:34 PM IST

Updated : Jul 8, 2020, 3:45 PM IST

ক'ভিড-19 ৰ প্ৰভাৱৰ পাচতেই ইংলেণ্ডৰ চাউথাম্পটনত আজিৰ পৰা অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট । নতুন নিয়মৰ মাজৰে ক'ভিড-19 ৰ প্ৰভাৱৰ পাচত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ।

Eng vs WI know how different is cricket going to be
Eng vs WI know how different is cricket going to be

স্পৰ্টছ ডেস্ক, 8 জুলাই : কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ পাচতেই বুধবাৰৰ পৰা আৰম্ভ হ'ব ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ক্ৰিকেট মেচ । কিন্তু বহু কেইটা নতুন নিয়মৰ বাবেও সকলোৰে দৃষ্টি নিবদ্ধ থাকিব মেচখনৰ ওপৰত ।

চাউথাম্পটনত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্ট মেচত সামাজিক দূৰত্ব পালন কৰিব লাগিব খেলুৱৈ সকলে । ইয়াৰ লগতে আৰু বহুকেইটা নিয়ম মানি চলিব লাগিব খেলুৱৈ সকলে ।

তিনিখন মেচৰ টেষ্ট শৃংখলাখনত নাথাকিব দৰ্শক । বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই শৃংখলাৰ সকলো মেচ । ইয়াৰ লগতে খেলৰ মাজতে যদি কোনো খেলুৱৈ পজিটিভ ধৰা পৰে তথাপিও বাতিল কৰা নহয় মেচ । সেই খেলুৱৈৰ স্থানত বিকল্প খেলুৱৈক স্থান দিয়া হ'ব ।

ৱেষ্ট ইণ্ডজ বনাম ইংলেণ্ড : কি কি আছে নতুন নিয়ম !
ৱেষ্ট ইণ্ডজ বনাম ইংলেণ্ড : কি কি আছে নতুন নিয়ম !

ইভেন্ট পৰিচালক ষ্টীভৰ মতে, বাউণ্ডেৰীৰ বাহিৰলৈ যোৱা বল ৰিজাৰ্ভ খেলুৱৈয়ে গ্ল'ভছ পৰিধান কৰি আনিব লাগিব । ইয়াৰ লগতে ফিল্ডিং কৰা দলে অথবা বলাৰে বলত থুঁ ব্যৱহাৰ কৰিব নোৱাৰিব ।

আনহাতে মেচৰ মাজত আনন্দ প্ৰকাশৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কোনো খেলুৱৈয়ে কৰ্মদন অথবা আলিংগন কৰিব নোৱাৰিব । ইপিনে খেলপথাৰৰ 50 ৰ 70 টা স্থানত চেঞ্চৰযুক্ত হেণ্ড চেনিটাইজ মেচিনৰ ব্যৱস্থা কৰা হ'ব । খেলুৱৈ সকলক হোটেলত এনে এটা এপ দিয়া হ'ব যাৰ দ্বাৰা দুৱাৰ নিজে নিজে খোল খাব । যাতে হাতেৰে স্পৰ্শ কৰাৰ প্ৰয়োজন নহয় ।

লগতে খেলুৱৈয়ে চুৱেটাৰ, টুপী, চশমা আম্পায়াৰক দিব নোৱাৰিব । সেই সমূহ বস্তু বাহিৰত ৰাখিব লাগিব । আনহাতে কোনো খেলুৱৈয়ে আন খেলুৱৈৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব । আনহাতে বল কৰাৰ পূৰ্বে বলটো সংক্ৰমণ মুক্ত কৰা আম্পায়াৰৰ দায়িত্ব হ'ব ।

Last Updated : Jul 8, 2020, 3:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.