ETV Bharat / sports

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বাধা

author img

By

Published : Jul 19, 2020, 5:42 AM IST

মানচেষ্টাৰত অনুষ্ঠিত হৈ থকা ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয় টেষ্টৰ তৃতীয় দিনৰ খেল এটাও বল নপৰাকৈ সমাপ্ত সামৰণি পৰিল ৷ বৰষুণৰ ফলত খেলুৱৈ সকলে ড্ৰেচিং ৰুমতে আৱদ্ধ হৈ থাকিল ৷

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বাধা
ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বাধা

স্পৰ্টছ ডেস্ক, 19 জুলাইঃ ইংলেণ্ডৰ মানচেষ্টাৰত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত বৰষুণে ব্যাপক বিধি-পথালি দিছে ৷ বৰষুণৰ ফলত তৃতীয়াদিনাৰ খেল এটাও বল নপৰাকৈয়ে সামৰিব লগীয়া হয় ৷

ৱল্ড ট্ৰেফডত অনুষ্ঠিত হৈ থকা খেল খনত প্ৰথমে ইংলেণ্ডে বেটিং কৰি প্ৰথম ইনিংচত 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 469 ৰান ৷ ইংলেণ্ডৰ এই বিশাল ৰান সংগ্ৰহত শতকীয় ইনিংছেৰে মুখ্য ভূমিকা পালন কৰিছিল বেন ষ্টক( 176 ৰান) আৰু ছিবলী(120 ৰান )য়ে ৷

চাম কাৰেন
চাম কাৰেন

ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে বেটিং কৰিব অহি এক উইকেটৰ বিনিময়ত 32 ৰান সংগ্ৰহ কৰাত দ্বিতীয় দিনাৰ খেল সামৰণি পৰে ৷ তাৰ পাচতেই বৰষুণৰ বাবে অনুষ্ঠিত নহ’ল তৃতীয় দিনাৰ খেল ৷ বৰ্তমানেও ৱেষ্ট ইণ্ডিজ ইংলেণ্ডৰ প্ৰথম ইনিংচতকৈ 437 ৰানত পিচ পৰি আছে ৷

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ ফলত বাতিল হৈছিল বহু ক্ৰিকেট শৃংখলা ৷ প্ৰায় তিনিমাহৰো অধিক সময়ৰ পাচত আৰম্ভ হোৱা ক্ৰেকেট শৃংখলাৰ প্ৰথমখন খেল ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলিত টেষ্ট শৃংখলাটোৰে আৰম্ভ হৈছিল ৷ য’ত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি লৈ আছে ৷

লগতে পঢ়কঃ আইপিএলক লৈ প্ৰস্তুতি ফ্ৰেনচাইজীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.