ETV Bharat / sports

প্ৰথম মেচত বিধস্ত ভাৰত, 1-0 ত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

author img

By

Published : Nov 27, 2020, 9:49 PM IST

1-0 ত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
প্ৰথম মেচত বিধস্ত ভাৰত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত পৰাস্ত ভাৰতীয় দল ৷ 66 ৰাণত পৰাজয়বৰণ কৰে ভ্ৰমণকাৰী দলটোৱে ৷

স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত 66 ৰাণত পৰাজয়বৰণ কৰে ভাৰতীয় দলে ৷ শুকুৰবাৰে অনুষ্ঠিত মেচত জয়েৰে তিনিখনীয়া এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়া দলে 1-0 ৰ অগ্ৰগতি লাভ কৰে ৷

প্ৰথম মেচত বিধস্ত ভাৰত
হাৰ্ডিক পাণ্ডিয়া আৰু শিখৰ ধাৱান

অষ্ট্ৰেলিয়া দলে বান্ধি দিয়া 375 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে প্ৰথম 10 অ'ভাৰতে হেৰুৱাই তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ প্ৰথম 5 অ'ভাৰত অপেনাৰদ্বয় মায়ংক আগৰৱাল আৰু শিখৰ ধাৱানে 53 ৰাণ যোগ দিয়ে ৷ কিন্তু হেজলউদে মায়ংক আগৰৱাল, বিৰাট কোহলী আৰু শ্ৰেয়াস আয়াৰৰ উইকেট দখল কৰে ৷ 14 সংখ্যক অ'ভাৰত কে. এল. ৰাহুলেও খেলপথাৰ ত্যাগ কৰে ৷ ইয়াৰ পাচতে ভাৰতৰ জয়ৰ আশা সজীৱ কৰি ৰাখে হাৰ্ডিক পাণ্ডিয়া আৰু শিখৰ ধাৱানে ৷ হাৰ্ডিকে দূৰ্দান্ত প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে ৷

1-0 ত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
ভাৰতক 66ৰাণক পৰাস্ত অষ্ট্ৰেলিয়াৰ

কিন্তু 86 বলত 74 ৰাণ সংগ্ৰহ কৰি ধাৱান আউট হোৱাৰ পাচতে পাণ্ডিয়াৰ ওপৰত চাপ বৃদ্ধি পায় ৷ আদাম জাম্পাৰ হাতত উইকেট হেৰুৱায় ধাৱানে ৷ ইয়াৰ কিছু অ'ভাৰৰ পাচতে জাম্পাৰ হাততে হাৰ্ডিক পাণ্ডিয়াই উইকেট হেৰুৱায় ৷ ভাৰতৰ হৈ সৰ্বাধিক 90 ৰাণ (76 বল) সংগ্ৰহ কৰে পাণ্ডিয়াই জাম্পাৰ হাতত উইকেট হেৰুৱায় ৷ সেই সময়ত 11 অ'ভাৰত ভাৰতক প্ৰয়োজন আছিল 128 ৰাণৰ আৰু ভাৰতৰ হাতত ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে অন্য বেটছমেন নাছিল ৷ ফলত 67 ৰাণ বাকী থকা অৱস্থাতে পৰাজয় স্বীকাৰ কৰে ভ্ৰমণকাৰী দলটোৱে ৷

প্ৰথম মেচত বিধস্ত ভাৰত
হাৰ্ডিক পাণ্ডিয়া

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি অধিনায়ক এৰন ফিন্স আৰু ষ্টিভ স্মিথৰ দূৰ্দান্ত শতকৰ জৰিয়তে ভাৰতৰ সন্মুখত 375 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়া দলে ৷ ফিন্সে 9 টা চাৰি আৰু 2 টা ছয়ৰ সহায়ত 124 টা বলত 114 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, 11 টা চাৰি আৰু 4 টা ছয়েৰে 66 টা বলত 105 ৰাণ সংগ্ৰহ কৰে ষ্টিভ স্মিথে ৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত (SGC) অনুষ্ঠিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 6 উইকেট হেৰুৱাই 374 ৰাণ সংগ্ৰহ কৰে ঘৰুৱা দলটোৱে ৷

স্ক'ৰ :

অষ্ট্ৰেলিয়া : 374/6 (এৰন ফিন্স 114, ষ্টিভ স্মিথ 105; মহম্মদ ছামী 59/3)

ভাৰত : 308/8 (হাৰ্ডিক পাণ্ডিয়া 90, শিখৰ ধাৱান 74; আদাম জাম্পা 4/54, হেজলউদ 3/47)

লগতে পঢ়ক : AUS বনাম IND প্ৰথম এদিনীয়া: ভাৰতৰ সন্মুখত 375 ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.