ETV Bharat / sports

AUS বনাম IND প্ৰথম এদিনীয়া: ভাৰতৰ সন্মুখত 375 ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

author img

By

Published : Nov 27, 2020, 5:25 PM IST

ভাৰতৰ সন্মুখত 375 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়া দলে ৷ অধিনায়ক এৰন ফিন্স আৰু ষ্টিভ স্মিথৰ দূৰ্দান্ত শতক অৰ্জন ৷

AUS বনাম IND প্ৰথম এদিনীয়া
ষ্টিভ স্মিথ

স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ : অধিনায়ক এৰন ফিন্স আৰু ষ্টিভ স্মিথৰ দূৰ্দান্ত শতকৰ জৰিয়তে ভাৰতৰ সন্মুখত 375 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়া দলে ৷ ফিন্সে 9 টা চাৰি আৰু 2 টা ছয়ৰ সহায়ত 124 টা বলত 114 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, 11 টা চাৰি আৰু 4 টা ছয়েৰে 66 টা বলত 105 ৰাণ সংগ্ৰহ কৰে ষ্টিভ স্মিথে ৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত (SGC) অনুষ্ঠিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 6 উইকেট হেৰুৱাই 374 ৰাণ সংগ্ৰহ কৰে ঘৰুৱা দলটোৱে ৷

AUS বনাম IND প্ৰথম এদিনীয়া
এৰন ফিন্স

প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ফিন্স আৰু ডেভিদ ৱাৰ্ণাৰে 27.5 অ'ভাৰ পৰ্যন্ত সংগ্ৰহ কৰিছিল কেৱল 156 ৰাণ ৷ এই পাৰ্টনাৰশ্বিপৰ মাজতে ফিন্সে এদিনীয়াত 5,000 ৰাণ সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুতবেগী অষ্ট্ৰেলিয়ান হিচাপে পৰিগণিত হয় ৷ মহম্মদ ছামীৰ হাতত ৱাৰ্ণাৰে উইকেট হেৰুৱায় ৷ 6 টা চাৰিৰে 69 ৰাণ সংগ্ৰহ কৰি আউট হয় ৱাৰ্ণাৰ ৷ ইয়াৰ পাচত বেটিং কৰিবলৈ আহি স্মিথে ফিন্সৰ সৈতে 108 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷

17 সংখ্যক এদিনীয়া শতক অৰ্জন কৰি ফিন্সে জছপ্ৰীত বুমৰাহৰ হাতত উইকেট হেৰুৱায় ৷ 41 অ'ভাৰত উইকেট হেৰুৱায় মাৰ্কাছ ষ্টইনিছে ৷ আইপিএলত ভাল প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হোৱা গ্লেন মেক্সৱেলে আজিৰ মেচত কেৱল 18 টা বলতে সংগ্ৰহ কৰে 45 ৰাণ ৷ ইয়াৰ পাচতে তেওঁ ছামীৰ হাতত উইকেট হেৰুৱায় ৷

মাৰ্কাছ লাবুচেইনে স্পীনাৰ য়ুজবেন্দ্ৰ চাহালৰ হাতত কেৱল দুই ৰাণত উইকেট হেৰুৱায় ৷ আনহাতে, 10 অ'ভাৰত প্ৰতিপক্ষক 89 ৰাণ দি এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ খৰছ কৰা ভাৰতীয় স্পীনাৰ হিচাপে পৰিগণিত হয় চাহাল ৷

স্মিথে দূৰ্দান্ত বেটিঙেৰে কেৱল 62 টা বলতে তেওঁৰ দশমটো শতক অৰ্জন কৰে ৷ এয়া এদিনীয়াত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ তৃতীয় দ্ৰুততম শতক ৷ ইনিংছৰ অন্তিম অ'ভাৰত উইকেট হেৰুৱায় স্মিথে ৷ আনহাতে, অপৰাজিত হৈ থাকে এলেক্স কেৰী (17) আৰু পেট কামিনছ (1) ৷

লগতে পঢ়ক : এদিনীয়াত 5000 ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম অষ্ট্ৰেলিয়ান এৰন ফিন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.