ETV Bharat / sports

সুঃখবৰ, ৰাজস্থান ৰয়েলছৰ খেলুৱৈক বল কৰিব অসমৰ চাৰিগৰাকী বলাৰে

author img

By

Published : Feb 29, 2020, 11:03 PM IST

assam 4 bowler selected for rajasthan royals practice season,ৰাজস্থান ৰয়েলছৰ খেলুৱৈক বল কৰিব অসমৰ চাৰিগৰাকী বলাৰে
ৰাজস্থান ৰয়েলছৰ খেলুৱৈক বল কৰিব অসমৰ চাৰিগৰাকী বলাৰে

অসমৰ চাৰি প্ৰতিভাৱান যুৱ খেলুৱৈৰ বাবে সুঃখবৰ ৷ ৰাজস্থান ৰয়েলছৰ বিষয়াই নিৰ্বাচন কৰিলে অসমৰ চাৰিগৰাকী বলাৰক । আইপিএলৰ সমগ্ৰ চিজনত অসমৰ চাৰিগৰাকী বলাৰে নেটত অনুশীলনৰ সময়ত বল কৰিব ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলক ।

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যোৱা 27 তাৰিখৰ পৰা অনুশীলন চলাই আছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলে। তিনিদিনীয়া অনুশীলনৰ সময়ত ৰাজস্থান ৰয়েলছ দলটোৰ খেলুৱৈ সকলক নেটত বল কৰিছিল অসমৰ কেইবাগৰাকী বলাৰে। নেটত বল কৰা অসমৰ বলাৰ সকলৰ ভিতৰত চাৰিগৰাকী বলাৰক ৰাজস্থান ৰয়েলছ দলৰ বিষয়াই নিৰ্বাচন কৰিছে আই পি এলৰ সমগ্ৰ চিজনত দলটোৰ খেলুৱৈ সকলক নেটত অনুশীলন কৰাৰ সময়ত বল কৰাৰ বাবে ।

আইপিএলৰ সমগ্ৰ চিজনত ৰাজস্থান ৰয়েলৰ অনুশীলনত বল কৰিব অসমৰ চাৰিগৰাকী বলাৰে

নিৰ্বাচিত হোৱা অসমৰ বলাৰ সকল হৈছে ক্ৰমে মৃন্ময় দত্ত, ৰাহুল সিং, জিতুমনি কলিতা আৰু কালাম ৰাইজা । অসমৰ এই বলাৰ সকলে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলৰ লগত অনুশীলনৰ বাবে আই পি এলৰ মেচ সমূহ অনুষ্ঠিত হোৱা ঠাই সমূহত দলটোৰ লগত থাকিব । ৰাজস্থান ৰয়েলছ দলটোৰ বিষয়াই অসমৰ উদীয়মান খেলুৱৈ সকলক উৎসাহিত কৰিবলৈ চাৰিগৰাকী বলাৰক নিৰ্বাচন কৰিছে । ৰাজস্থান ৰয়েলছৰ 7 গৰাকীকৈ খেলুৱৈয়ে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দুখন মেচৰ বাবে অনুশীলন চলাই আছে । শনিবাৰে অনুশীলনৰ অন্তিম দিনা অনুশীলনত উপস্থিত থাকে দলটোৰ অন্যতম তাৰকা খেলুৱৈ ৰবীন উত্থাপা ।

উল্লেখ্য যে,ৰাজস্থান ৰয়েলছৰ দলটোৱে 5 আৰু 9 এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আইপিএলৰ দুখনকৈ মেচত অংশ ল’ব ৷ 5 এপ্ৰিলত দলটোৱে দিল্লী কেপিটেলৰ বিৰুদ্ধে আৰু 9 এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ বিপক্ষে অৱতীৰ্ণ হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.