ETV Bharat / sports

নিৰ্ধাৰিত সূচী অনুসৰিয়ে আয়োজন হ'ব এছিয়া কাপঃ CEO ৱাছিম খান

author img

By

Published : Jun 24, 2020, 9:01 PM IST

এছিয়া কাপলৈ হৈ থকা অনিশ্চয়তা সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য় কাৰ্যবাহী বিষয়া ৱাছিম খানৰ প্ৰতিক্ৰিয়া । এছিয়া কাপৰ আয়োজন হ'ব । ইংলেণ্ডৰ পৰা পাকিস্তান দলৰ প্ৰত্যাৱৰ্তনৰ পাচতেই ছেপ্তেম্বৰ অথবা অক্টোবৰ মাহত অনুষ্ঠিত কৰা যাব পাৰে এছিয়া কাপ ।

Asia cup will go ahead in either sri lanka or uae says pcb ceo
Asia cup will go ahead in either sri lanka or uae says pcb ceo

স্পৰ্টছ ডেস্ক, 24 জুনঃ আগন্তুক এছিয়া কাপক লৈ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য় কাৰ্যবাহী বিষয়া ৱাছিম খানৰ গুৰুত্বপূৰ্ণ মন্তব্য় । নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে এই বৰ্ষত শ্ৰীলংকা অথবা সংযুক্ত আৰৱ আমিৰাটত আয়োজন কৰা হ'ব এছিয়া কাপ ।

ৱাছিম খানে এছিয়া কাপৰ আয়োজনৰ সকলো অনিশ্চয়তাৰ খবৰক খণ্ডন কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আইপিএলৰ বাবেই এছিয়া কাপ বাতিল কৰা হ'ব বুলি সৰ্বত্ৰে এক চৰ্চা চলিছিল । কিন্তু সংবাদমাধ্যমৰ আগত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য় কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, "এছিয়া কাপৰ আয়োজন হ'ব । ইংলেণ্ডৰ পৰা পাকিস্তান দলৰ প্ৰত্যাৱৰ্তনৰ পাচতেই ছেপ্তেম্বৰ অথবা অক্টোবৰ মাহতেই এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব পাৰে ।"

CEO ৱাছিম খান
CEO ৱাছিম খান

তেওঁ লগতে কয়, কিছু কথা সঠিক সময়ত হে স্পষ্ট হৈ উঠিব । আমি আশা কৰিছো শ্ৰীলংকাত আয়োজন কৰা হ'ব এছিয়া কাপ । কাৰণ শ্ৰীলংকাত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰকোপ অধিক নহয় । যদি শ্ৰীলংকাত নহয় তেন্তে সংযুক্ত আৰৱ আমিৰাটতো আয়োজনৰ বাবে সাজু আছে ।

নিৰ্ধাৰিত সূচী অনুসৰিয়ে আয়োজন হ'ব এছিয়া কাপ : CEO ৱাছিম খান
নিৰ্ধাৰিত সূচী অনুসৰিয়ে আয়োজন হ'ব এছিয়া কাপ : CEO ৱাছিম খান

উল্লেখ্য় যে, এই বৰ্ষৰ এছিয়া কাপৰ আয়োজক হৈছে পাকিস্তান । কিন্তু পাকিস্তানত কৰ'ণা ভাইৰাছৰ অধিক সংক্ৰমণৰ ফলতেই অন্য় ঠাইত ইয়াৰ আয়োজনৰ বিকল্প বিচাৰি থকা হৈছে । আনহাতে ভাৰত-পাকিস্তান শৃংখলাৰ সম্ভাৱনাৰ কথা খাৰিজ কৰে ৱাছিম খানে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.