ETV Bharat / sports

আৰ্চাৰৰ বিৰুদ্ধে লিখিত সকীয়নিৰ লগতে জৰিমনা : ইচিবি

author img

By

Published : Jul 18, 2020, 10:05 PM IST

archer fined & written warning ecb
archer fined & written warning ecb

অনুশাসন সমিতিৰ বৈঠকৰ পাচত প্ৰথমখন টেষ্টত বায়’ সুৰক্ষা প্ৰ’টক’ল নিয়ম উলংঘন কৰাৰ দোষত ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰক জৰিমনা বিহাৰ লগতে লিখিত সকীয়নি প্ৰদান ৷

স্পৰ্টছ ডেস্ক, 18 জুলাই : ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰক জৰিমনাৰ লগতে এক লিখিত সকীয়নি প্ৰদান ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ পাচতেই বায়’ সুৰক্ষা প্ৰ’টক’ল নিয়ম উলংঘন কৰাৰ দোষত এই শাস্তি বিহা হৈছে খেলুৱৈগৰাকীক ৷

  • Jofra Archer has been fined and received an official written warning for breaking bio-secure protocols.

    — England Cricket (@englandcricket) July 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইচিবিৰ ফালৰ পৰা কোৱা হৈছে যে, অনুশাসন সমিতিৰ বৈঠকৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ য’ত ইচিবিৰ ক্ৰিকেট নিৰ্দেশক এশ্লে জাইল্স, পেশাগত ক্ৰিকেট সমিতিৰ সদস্য আৰু আৰ্চাৰৰ এজেণ্ট উপস্থিত থাকে ৷

ইতিমধ্যে দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ কৰা হৈছে জফ্ৰা আৰ্চাৰক ৷ বৰ্তমান সময়ত তেওঁ ছেল্ফ আইচ’লেচনত থকাৰ লগতে ক’ভিডৰ পৰীক্ষা কৰাৰ পাচত নিগেটিভ অহাৰ পাচত হে পুনৰ 21 জুলাইত দলৰ সৈতে জড়িত হ’ব পাৰিব ৷ ইংলেণ্ডৰ অলৰাউণ্ডাৰ খেলুৱৈ বেন ষ্ট’কছেও আৰ্চাৰক এই সময়ত অকলশৰে এৰি দিব নালাগে বুলিও উল্লেখ কৰি ইংলেণ্ড দল তেওঁৰ লগত থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷

লগতে চাওক-আইপিএলক লৈ প্ৰস্তুতি ফ্ৰেনচাইজীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.