ETV Bharat / sports

ICC World Cup Cricket 2023 : বিশ্বকাপৰ ৬ খন মেচৰ সময়সূচী পৰিৱৰ্তনৰ দিশে

author img

By

Published : Aug 3, 2023, 6:11 PM IST

ICC World Cup Cricket 2023
ICC World Cup Cricket 2023

বিচিচিআইৰ সচিব জয় শ্বাহে পূৰ্বেই ইংগিত দিছিল যে কেৱল ভাৰত-পাকিস্তানেই নহয়, আন কেইবাখনো মেচৰ তাৰিখ সলনি হ'ব পাৰে । ইয়াৰ বাবে আইচিচিৰ অনুমোদনলৈ অপেক্ষা কৰা হৈছে ।

স্পৰ্টছ ডেস্ক, ৩ আগষ্ট : ভাৰতত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩-ৰ এখন নহয়, ছয়খন মেচৰ সময়সূচী সলনি হোৱাৰ সম্ভাৱনা আছে । ইয়াত পাকিস্তানী দলটোৰ দুখন মেচৰ সময়সূচীও অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বিচিচিআই) আৰু কেইখনমান খেলৰ সময়সূচী সলনি কৰাৰ কথা কৈছে । এই বিষয়টো বিচিচিআইৰ সচিব জয় শ্বাহে ইতিমধ্যেই নিশ্চিত কৰিছিল ।

সংবাদ মাধ্যমৰ সূত্ৰ আৰু বিশ্বকাপৰ সৈতে জড়িত লোকসকলৰ পৰা লাভ কৰা তথ্য অনুসৰি, ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগা মেচকে ধৰি আধা ডজন খেলৰ সময়সূচী সলনি কৰাৰ কথা আছে বুলি কোৱা হৈছে । উল্লেখ্য যে ১৫ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন নতুন সূচীমতে এতিয়া এদিন পূৰ্বে ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ পৰাও সেউজ সংকেত লাভ কৰা হৈছে । অৱশ্যে মেচখন পূৰ্বনিৰ্ধাৰিত স্থানতে অনুষ্ঠিত হ'ব । ইয়াৰ উপৰি ১২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাকিস্তানৰ মেচখন ১০ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে তাৰিখ সলনি কৰিলেও এই ক্ষেত্ৰতো স্থান সলনি কৰা নহয় ।

ইয়াৰ উপৰি কোৱা হৈছে যে ১১ অক্টোবৰত চেন্নাইত নিউজীলেণ্ড আৰু বাংলাদেশৰ মেচ আৰু পৰৱৰ্তী দিনত দিল্লীত ইংলেণ্ড আৰু আফগানিস্তানৰ মাজতো এখন মেচ আছে । তেনে ক্ষেত্ৰত এই দুখন মেচৰ এখন মেচৰ তাৰিখ সলনি হোৱাৰ কথা আছে । অৱশ্যে এই বিষয়ে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই । বিচিচিআইৰ এই প্ৰস্তাৱটো আইচিচিয়ে নিজাববীয়াকৈ নিশ্চিত কৰিব লাগিব । তেতিয়াহে কোনো নতুন সময়সূচী পোৱা যাব ।

উল্লেখ্য যে ভাৰতত অনুষ্ঠিত হ'বলগা এদিনীয়া বিশ্বকাপ ক্ৰিকেট অহা ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে চলিব । উদ্বোধনী আৰু ফাইনেল মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব । আনহাতে, চূড়ান্ত খেলখনো ১৯ নৱেম্বৰত একেখন খেলপথাৰতে অনুষ্ঠিত হ'ব । দুখন ছেমি ফাইনেল ক্ৰমে ১৫ আৰু ১৬ নৱেম্বৰত মুম্বাই আৰু কলকাতাত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :WFI president election : ১২ আগষ্টত WFI নিৰ্বাচন; ভাৰতলৈ উভতি আহিছে বিনেশ বজৰং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.