ETV Bharat / sports

T20 ক্ৰিকেটৰ পৰা অৱসৰ বাংলাদেশৰ মুছফিকুৰ ৰহিমৰ

author img

By

Published : Sep 4, 2022, 8:09 PM IST

T20I cricket
T20 ক্ৰিকেটৰ পৰা অৱসৰ বাংলাদেশৰ মুছফিকুৰ ৰহিমৰ

এছিয়া কাপত দুৰ্বল প্ৰদৰ্শনৰ পাছতে T20 ক্ৰিকেটৰ পৰা অৱসৰ ল'লে বাংলাদেশৰ উইকেটকিপাৰ বেটছমেন মুছফিকুৰ ৰহিমে (Mushfiqur Rahim retires from T20I cricket)। তেওঁ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত মনোনিবেশ কৰিব বিচাৰে ৷ সুযোগ পালে ফ্ৰেঞ্চাইজি লীগ খেলিবলৈও তেওঁ আগ্ৰহী ।

স্পৰ্টছ ডেস্ক,৪ ছেপ্টেম্বৰ : টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ল'লে বাংলাদেশৰ উইকেটকিপাৰ বেটছমেন মুছফিকুৰ ৰহিমে (Mushfiqur Rahim retires from T20I cricket)। UAEত চলি থকা এছিয়া কাপত (Asia Cup 2022) বাংলাদেশ দলৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে খেলুৱৈগৰাকীয়ে অৱসৰৰ ঘোষণা কৰে (Mushfiqur Rahim announces retirement)। ইফালে বাংলাদেশৰ অভিজ্ঞ উইকেটকিপাৰগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰি কয় যে তেওঁ টেষ্ট আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ দীঘলীয়া কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন ফ্ৰেঞ্চাইজি টি-২০ লীগত খেলাৰ সম্ভাৱনাৰ ওপৰতো তেওঁ দৃষ্টি ৰাখিব ।

  • I would like to announce my retirement from T20 INTERNATIONALS and focus on Test and ODI formats of the game. I will be available to play franchise leagues when the opportunity arrives. Looking forward to proudly represent my nation in the two formats-MR15

    — Mushfiqur Rahim (@mushfiqur15) September 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে UAEত চলি থকা এছিয়া কাপত বাংলাদেশ দলটোৱে চুপাৰ-4ত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছে । গ্ৰুপ Bত থকা বাংলাদেশৰ ৩৫ বছৰীয়া ৰহিমে আফগানিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ১ আৰু ৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । দুয়োখন খেলতে পৰাস্ত হৈছে দলটো ৷ খেলুৱৈগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰি কয় যে তেওঁ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত মনোনিবেশ কৰিব বিচাৰে ৷ সুযোগ পালে ফ্ৰেঞ্চাইজি লীগ খেলিবলৈও তেওঁ আগ্ৰহী ।

উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলাত লক্ষণীয় প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল ৰহিমে । য'ত দলটো পৰাজিত হোৱা স্বত্বেও ৰহিমে ৩০৩ ৰাণৰ সৈতে দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল । উদ্বোধনী টেষ্টত তেওঁ ৫,০০০ টেষ্ট ৰাণ সংগ্ৰহ কৰা প্ৰথম বাংলাদেশী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল । প্ৰথম টেষ্টত তেওঁৰ ১০৫ ৰাণে বাংলাদেশক ৬৮ ৰাণৰ অগ্ৰগতি লাভ কৰাত সহায় কৰে ।

ৰহিমে মুঠ ৫২ খন টেষ্ট, ২৩৬ খন এদিনীয়া আৰু ১০০ তকৈও অধিক টি-২০ খেলিছে । তিনিওটা ফৰ্মেটত ১৩,০০০ তকৈও অধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (Mushfiqur Rahim Cricketer career)।

টি-২০ ক্ৰিকেটত তেওঁৰ গড় প্ৰদৰ্শন সন্তোষজনক নহয় । ১০২ খন খেলত মাত্ৰ ১,৫০০ ৰাণ সংগ্ৰহ কৰে য'ত তেওঁ ষ্ট্ৰাইক ৰেট ১৯.৪৮ । ইফালে টি-২০ বিশ্বকাপৰ পূৰ্বে এনেদৰে খেলুৱৈগৰাকীয়ে অৱসৰৰ ঘোষণা কৰাৰ লগে লগে বাংলাদেশৰ ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :Asia Cup 2022: আজি আকৌ মুখামুখি হ’ব ভাৰত-পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.