ETV Bharat / sports

Team India new Jersey : ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি

author img

By

Published : Jun 2, 2023, 2:23 PM IST

এডিডাছ ইণ্ডিয়াই মুকলি কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ জাৰ্চী (India cricket team new jersey)। বিচিচিআই আৰু এডিডাছৰ মাজত মে'ত হৈছিল চুক্তি । পুৰুষৰ দলটোৰ উপৰিও মহিলা আৰু যুৱ দলৰ বাবেও কিট প্ৰস্তুত কৰিব এডিডাছে ।

Team India new Jersey
ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি

স্পৰ্টছ ডেস্ক,২ জুন : অহা ৭ জুনৰ পৰা ইংলেণ্ডৰ ঐতিহাসিক অ'ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship Final)। তাৰ প্ৰাকক্ষণত মুকলি ভাৰতীয় দলৰ তিনিওটা ফৰ্মেটৰ নতুন জাৰ্চী । বৃহস্পতিবাৰে এডিডাছ ইণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি কৰে (Team India new Jersey revealed)।

কোম্পানীটোৱে মে' মাহত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সৈতে ৫ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে আৰু ভাৰতীয় দলৰ বাবে অফিচিয়েল কিট নিৰ্মাণকাৰী হয় (Adidas and BCCI MoU)। ইনষ্টাগ্ৰামত মুকলি কৰা এটা ভিডিঅ'ত এডিডাছ ইণ্ডিয়াই ক্ৰমে টি-২০, এদিনীয়া আৰু টেষ্ট তিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দলৰ নতুন জাৰ্চী মুকলি কৰে । এডিডাছ ইণ্ডিয়াই ইনষ্টাগ্ৰামত জাৰ্চীবোৰ মুকলি কৰি লিখিছে,"এটা আইকনিক মুহূৰ্ত । এখন আইকনিক ষ্টেডিয়াম । নতুন টীম ইণ্ডিয়াৰ জাৰ্চী ।"

২০২৩ বৰ্ষটো অতি ব্যস্ততাৰে ভৰা হ'ব ভাৰতীয় দলৰ বাবে । ৭ জুনৰ পৰা অনুষ্ঠিত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ । য'ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰতীয় দলটো । আনহাতে ছেপ্টেম্বৰত এছিয়া কাপ আৰু অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ আৰম্ভ হ'ব । তাৰ প্ৰাকক্ষণত এডিডাছৰ নতুন জাৰ্চীটো মুকলি কৰাৰ লগে লগে এতিয়া ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে । দৰ্শকসকলে নতুন জাৰ্চীৰ সৈতে ভাৰতীয় দলটোক আটাইকেইটা ফৰ্মেটতে ভাল প্ৰদৰ্শনৰ আশা কৰিছে (Adidas showcased new jerseys of Team India)।

এডিডাছ আৰু বিচিচিআইয়ে মে' মাহত এক চুক্তি স্বাক্ষৰ কৰে । যাৰ জৰিয়তে এডিডাছক প্ৰতিটো ফৰ্মেটত কিট নিৰ্মাণৰ বাবে এডিডাছক একচেটিয়া অধিকাৰ প্ৰদান কৰে । এডিডাছে বিচিচিআইৰ বাবে সকলো খেল, প্ৰশিক্ষণ আৰু ভ্ৰমণৰ পোছাকৰ বাবে একমাত্ৰ যোগানকৰ্তা হ'ব । পুৰুষ, মহিলা খেলুৱৈৰ লগতে আৰু যুৱ দলসমূহৰ বাবে এডিডাছে কিট প্ৰস্তুত কৰিব ।

এডিডাছ ইণ্ডিয়াৰ জিএম নীলেন্দ্ৰ সিঙে কয় যে দেশৰ খেলুৱৈসকলৰ বাবে উচ্চ মানদণ্ডৰ প্ৰদৰ্শনৰ সামগ্ৰীৰ সৈতে ক্ৰিকেটক বিশ্বৰ সন্মুখত উপস্থাপন কৰাৰ এইটো এডিডাছৰ বাবে বিশেষ মুহূৰ্ত । ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেলৰ জৰিয়তে এডিডাছে গ্ৰাহকসকলৰ সৈতে বিশেষ মুহূৰ্ত সৃষ্টি কৰিব বুলি আশাবাদী । এডিডাছে সঁচাকৈয়ে ভাৰতত ক্ৰিকেটৰ সম্ভাৱনাত বিশ্বাস কৰে আৰু বিচিচিআইৰ সৈতে এই অংশীদাৰিত্বৰ জৰিয়তে এডিডাছে উন্নয়ন ত্বৰান্বিত কৰিব ।

লগতে পঢ়ক :Chanchal Bhattacharya on MS Dhoni: এতিয়াই অৱসৰৰ সময় হোৱা নাই; ধোনীৰ সন্দৰ্ভত মন্তব্য শৈশৱৰ প্ৰশিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.