ETV Bharat / sports

ডেনমাৰ্ক অ’পেনৰ পৰা বাহিৰ চাই প্ৰণীত-সিন্ধু

author img

By

Published : Oct 17, 2019, 9:18 PM IST

ডেনমাৰ্ক অ’পেনৰ পৰা বাহিৰ চাই প্ৰণীত-সিন্ধু

ডেনমাৰ্ক অ’পেন বেডমিণ্টন টুৰ্ণামেণ্টত শোচনীয় প্ৰদৰ্শন ভাৰতীয় বেডমিণ্টন খেলুৱৈৰ ৷ পুৰুষৰ ছিংগল শাখাত চাই প্ৰণীত আৰু মহিলাৰ ছিংগলছৰ পৰা বাহিৰ পি.ভি সিন্ধু ৷

স্পৰ্টছ ডেস্ক, 17 অক্টোবৰ: ভাৰতৰ বেডমিণ্টন ক্ৰীড়া প্ৰেমীলৈ দুঃখবৰ ৷ ডেনমাৰ্ক অ’পেনৰ পৰা বাহিৰ হ’ল ভাৰতীয় বেডমিণ্টন শ্বাটলাৰ চাই প্ৰণীত আৰু পি.ভি সিন্ধু ৷ দ্বিতীয় ৰাউণ্ডত বিশ্ব 1 নম্বৰ খেলুৱৈ জাপানৰ কেণ্টো ম’ম’টাৰ হাতত পৰাস্ত হয় প্ৰণীত ৷ 21-6, 21-15 ছেটত ধৰাশায়ী হয় ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকী ৷

চাই প্ৰণীত
চাই প্ৰণীত

আনহাতে অন্য এখন মেচত পৰাজয়ৰ সন্মুখীন হয় পি.ভি সিন্ধু ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মহিলাৰ দ্বিতীয় ৰাউণ্ডত কোৰিয়াৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় খেলুৱৈগৰাকী ৷ কোৰিয়াৰ চি ইয়ং এনৰ হাতত 14-21, 17-21 ছেটত পৰাস্ত হয় সিন্ধু ৷

পি.ভি সিন্ধু
পি.ভি সিন্ধু
ETV BHARAT SPORTS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.