ETV Bharat / sitara

পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ

author img

By

Published : Mar 31, 2020, 9:13 PM IST

পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত আগবঢ়ালে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷ লগতে সকলোকে এই অমাতৰ জীৱ জন্তুবোৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালে অভিনেত্ৰীগৰাকীয়ে ৷

barsharani-urged-people-for-help-animal-in-lock-down-days
পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ

গুৱাহাটী,31 মাৰ্চঃ মঙলবাৰে এক ফেচবুক লাইভ যোগে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কৰ'ণা ভাইৰাছকলৈ অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে ৷ অসমৰ স্বাস্থ্য বিভাগে আগতীয়াকৈ লোৱা পদক্ষেপৰ শলাগ লয় অভিনেত্ৰী গৰাকীয়ে ।

পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ

লগতে লক ডাউনৰ সময়ছোৱাত পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত আগবঢ়ালে অভিনেত্ৰীগৰাকীয়ে ৷ আনহাতে দ্য প' ফাউণ্ডেশ্যন নামেৰে এটা বেচৰকাৰী ন্যাসৰ যোগেৰে অভিনেত্ৰী গৰাকীয়ে পদপথৰ জীৱ জন্তুৰ বাবে চয়াবিন, চাউল ইত্যাদি খাদ্য সামগ্ৰী আগবঢ়ায় । ইয়াৰ লগতে সকলোকে এই অমাতৰ জীৱ জন্তুবোৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালে অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃবিধায়ক,চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ ঘোষণা তেলেংগানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.