ETV Bharat / sitara

জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৰবি শৰ্মা

author img

By

Published : Sep 19, 2021, 7:42 AM IST

Updated : Sep 19, 2021, 8:46 AM IST

Ravi Sarma birthday
জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৰবি শৰ্মা

অসমীয়া চলচ্চিত্ৰ জগতত দুৰ্দান্ত অভিনয়েৰে এক পৃথক চিনাকি গঢ় দিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ আজি জন্মদিন ৷ ‘হিয়া দিয়া নিয়া’ ছবিখনেৰে জলীউডত পদাৰ্পণ কৰা ৰবি শৰ্মাক ইটিভি ভাৰতৰ তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা...

চিটাৰা ডেস্ক, 19 ছেপ্তেম্বৰ : আজি অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ জন্মদিন ৷ মুনিন বৰুৱা পৰিচালিত ‘হিয়া দিয়া নিয়া’ ছবিখনেৰে বোলছবি জগতত প্ৰৱেশ কৰা ৰবি শৰ্মাৰ জন্ম হৈছিল 1972 চনৰ 19 ছেপ্তেম্বৰত ৷ তেওঁৰ পিতৃৰ ঘৰ নলবাৰীত ৷

ৰবি শৰ্মাই উলুবাৰী DAV বিদ্যালয় আৰু ফেকাল্টি হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷

Ravi Sarma birthday
ফটো সৌজন্য Google

ৰবি শৰ্মাৰ মাতৃ বন্দনা শৰ্মাও আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী ৷

কেৰিয়াৰৰ প্ৰথমখন ছবি ‘হিয়া দিয়া নিয়া’ত কৰা অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰবি শৰ্মাই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই ৷ 2001 চনত তেওঁ মুনীন বৰুৱাৰ ‘নায়ক’ ছবিখনত অভিনয় কৰাৰ লগতে একেটা বছৰতে মনোজ বৰুৱাৰ ‘অন্য এক যাত্ৰা’ ছবিখনতো অভিনয় কৰে ৷

Ravi Sarma birthday
ফটো সৌজন্য Google

ৰবি শৰ্মাই অভিনয় কৰা কেইখনমান জনপ্ৰিয় ছবি হ’ল- ‘সৰু বোৱাৰী’, ‘বুকুৱে বিচাৰে’, ‘বাৰুদ’, ‘অনুৰাগ’, ‘হিয়াৰ দাপোণত তোমাৰেই ছবি’, ‘জীৱন তৃষ্ণা’, ‘দেউতা দিয়া বিদায়’, ‘ৰণাংগন’ ৷ ইয়াৰ উপৰিও তেওঁ এখন অসমীয়া ৱেব চিৰিজ ‘Illegal’ তো অভিনয় কৰিছে ৷

Ravi Sarma birthday
ফটো সৌজন্য Google

ৰবি শৰ্মাই 2019 চনৰ 2 আগষ্টত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল যদিও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ দলৰ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷ সম্প্ৰতি তেওঁ নিজৰ আহিবলগীয়া ছবি ‘ৰঘুপতি’ৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰে অভিনেতা ৰবি শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ...

Last Updated :Sep 19, 2021, 8:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.