ETV Bharat / sitara

কুনালৰ অভিনয় দেখি ভয় কৰিছিল পত্নী শ্বোহা আলী খানে

author img

By

Published : Feb 7, 2021, 9:51 PM IST

'মালাং' ছবিখনৰ মুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাত অভিনেতা কুনাল কেমুৱে শ্বেয়াৰ কৰিলে ছবিখনৰ এটা বিশেষ মুহূৰ্ত্ত ।

কুনালৰ অভিনয় দেখি ভয় কৰিছিল পত্নী শ্বোহা আলী খানে
কুনালৰ অভিনয় দেখি ভয় কৰিছিল পত্নী শ্বোহা আলী খানে

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী : এবছৰ পূৰ্বে অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ দিনটোতে মুক্তি লাভ কৰিছিল মোহিত চুৰীৰ বলীউড এক্সন ধামাকা ছবি 'মালাং' । মুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাত ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলে সামাজিক মাধ্য়মত বিভিন্ন মুহূৰ্ত্ত শ্বেয়াৰ কৰা দেখা গৈছে । ছবিখনৰ অন্য়তম অভিনেতা কুনাল কেমুৱে শ্বেয়াৰ কৰিছে এক বিশেষ স্মৃতি । অভিনেতা গৰাকীৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী শ্বোহা আলী খানে ছবিখন উপভোগ কৰি কি ধৰণে প্ৰতিক্ৰিয়া কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰে কুনালে । ছবিখনত কুনালৰ অভিনয় দেখি পত্নী কেনেদৰে আচৰিত হৈছিল সেই কথা মনত পেলাই অভিনেতাগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ যে ছবি খনত মাইকেল ৰড্ৰিজেজক হিচাপে এজন খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জনে জনোৱা মতে তেওঁ চৰিত্ৰটো ভাল পাইছিল । লগতে তেওঁ কয় যে ছবিৰ স্ক্ৰিপ্টখন পঢ়াৰ পিছতে তেওঁ গম পাইছিল যে চৰিত্ৰটো কেনেকুৱা হ'ব । আনকি অভিনেতাজনে স্মৃতি ৰোমন্থন কৰি কয় যে ছবিখনত অভিনয় দেখাৰ পিছত তেওঁৰ পত্নী শ্বোহাই তেওঁৰ সৈতে ঘৰলৈ আহিবলৈ ভয় কৰিছিল ।

উল্লেখ যে 'হাম হে ৰাহি পেয়াৰ কে' আৰু 'জাখম'ৰ দৰে চলচ্চিত্ৰত শিশু শিল্পী হিচাপে অভিনয় কৰা কুনালে ২০০৫ চনত মুক্তি লাভ কৰা 'কলিউগ'ত বলীউডৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল । ২০০৭ চনৰ 'ট্ৰেফিক চিগনেল' ছবিখনৰ জৰিয়তে অত্য়াধিক চৰ্চা লাভ কৰিছিল কুনাল কেমুৱে ।

লগতে পঢ়ক:দুগৰাকী ভাৰতীয় ক্ৰিকেট তাৰকাৰ প্ৰেম কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.