ETV Bharat / sitara

জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন অভিনেতা ৰণবীৰ সিঙৰ

author img

By

Published : Mar 10, 2021, 5:50 PM IST

অনুৰাগীক মৰম-আদৰ দিয়াৰ ক্ষেত্ৰত সদায় প্ৰস্তুত থাকে বলীউডৰ অভিনেতা ৰণবীৰ সিং । শেহতীয়াকৈ ৰণবীৰ সিঙে এগৰাকী জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন কৰা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোৱে প্ৰমাণিত কৰিছে যে, কিয় অভিনেতাগৰাকী অনুৰাগীৰ মাজত ইমান জনপ্ৰিয় ।

এগৰাকী জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন অভিনেতা ৰণবীৰ সিঙৰ
এগৰাকী জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন অভিনেতা ৰণবীৰ সিঙৰ

চিটাৰা ডেস্ক, ১০ মাৰ্চ: শেহতীয়াকৈ ভাইৰেল হোৱা বলীউডৰ অভিনেতা ৰণবীৰ সিঙে এগৰাকী জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন কৰাৰ এটা ভিডিঅ'ই এতিয়া হৃদয় জয় কৰিছে অনুৰাগীৰ । মুম্বাইস্থিত এটা ডাবিং ষ্টুডিঅ'ৰ পৰা ওলাই অহাৰ সময়তে বৃদ্ধাগৰাকীক লগ পায় অভিনেতাগৰাকীয়ে । ৰণবীৰে মঙলবাৰে নিশা আগন্তুক ছবিৰ বাবে ডাবিঙৰ কাম কৰি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছিল আৰু সেই সময়তে বৃদ্ধাগৰাকীয়ে খিৰিকীৰ ফালৰ পৰা মাতি থকা প্ৰত্যক্ষ কৰিছিল অভিনেতাজনে ।

ইয়াৰ পিছতে অভিনেতাগৰাকীয়ে তেওঁৰ ওচৰত কিছুসময় ৰৈ চমু বাৰ্তালাপ কৰে । ৰণবীৰে এনেদৰে কথা পাতিছিল যেন তেওঁ পৰিচিত লোকৰ সৈতেহে কথা পাতি আছে । কথা পাতি থকাৰ মাজতে বৃদ্ধাগৰাকীৰ হাতত চুম্বন কৰি ৰণবীৰে মৰম আৰু সন্মান জনায় । সম্প্ৰতি অভিনেতাগৰাকীয়ে '৮৩', 'সূৰ্যবংশী' আৰু 'জয়েশভাই জোৰদাৰ'ৰ মুক্তিৰ অপেক্ষাত আছে ।

এগৰাকী জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন অভিনেতা ৰণবীৰ সিঙৰ

ৰোহিত চেট্টীৰ আগন্তুক ছবি 'চাৰ্কাছ'তো ৰণবীৰক দেখিবলৈ পোৱা যাব । উইলিয়াম শ্বেক্সপিয়েৰৰ নাট, 'দ্য কমেডি এৰৰ্ছ'ৰ অভিযোজন এই ছবিখনত ৰণবীৰে দ্বৈত ভূমিকা পালন কৰিছে । অভিনেতাজনক কৰণ জোহৰৰ এখন ৰোমাণ্টিক ছবিত আলিয়া ভাটৰ সৈতে দেখা পোৱা যাব ।

লগতে পঢ়ক: বৰপেটাত মুখাৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.