ETV Bharat / sitara

Priyanka Chopra holi celebration with Nick : লছ এঞ্জেলছত আবিৰৰ ৰঙত মতলীয়া নিক-প্ৰিয়ংকা

author img

By

Published : Mar 19, 2022, 11:44 AM IST

বিদেশত হোলী উদযাপন বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ ৷ স্বামী নিক জোনাছৰ পৰিয়ালৰে সৈতে হোলী খেলিলে প্ৰিয়ংকাই (Priyanka celebrating holi with family) ৷ নিজৰ ইন্ষ্টগ্ৰামত হোলী উদযাপনৰ কিছু মূহুৰ্ত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷

Priyanka Chopra
নিক-প্ৰিয়ংকাৰ হোলী খেলা

চিটাৰা ডেস্ক, 19 মাৰ্চ : বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শুকুৰবাৰে স্বামী নিক জোনাছৰ সৈতে উদযাপন কৰিলে হোলী ৷ নিজৰ ইন্ষ্টাগ্ৰামত হোলী উদযাপনৰ কেইখনমান আলোকচিত্ৰ আৰু ভিডিঅ’ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে (Priyanka chopra latest instagram post) ৷

বিদেশত হোলী উদযাপন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

ভাৰতৰ পৰা আঁতৰত থাকিও হোলী খেলাৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিলে গ্লোবেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই ৷ স্বামীৰ পৰিয়ালৰে সৈতে আবিৰৰ ৰঙত মতলীয়া হৈ পৰিল প্ৰিয়ংকা ৷ আবিৰৰ লগতে ৱাটাৰ বেলুন, ৱাটাৰ গান আদিৰো যোগাৰ কৰে অভিনেত্ৰী গৰাকীয়ে (Priyanka Chopra holi celebration with Nick) ৷

চাৰ’গেছী পদ্ধতিৰে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰা নিক-প্ৰিয়ংকাৰ সন্তান জন্মৰ পিছত এয়া প্ৰথম হোলী ৷ চলিত বৰ্ষৰ 22 জানুৱাৰীত দুয়োৱে সামাজিক মাধ্যমত এগৰাকী কন্যা সন্তান লাভৰ কথা প্ৰকাশ কৰিছিল ৷

প্ৰিয়ংকাই বলীউডৰ পৰা গৈ হলীউডত নিজকে প্ৰতিষ্ঠা কৰাৰ পাছত সমগ্ৰ বিশ্বজুৰি তাৰকা গৰাকীৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পায় ৷ হলীউডৰ কেইবাটাও প্ৰজেক্ট বৰ্তমান প্ৰিয়ংকাৰ হাতত আছে ৷ ৰোমাণ্টিক কমেডীৰ পৰা আৰম্ভ কৰি এক্সনধৰ্মী ছবিত দেখিবলৈ পোৱা যাব প্ৰিয়ংকাক ৷ বলীউডত ফাৰহান আখতাৰৰ "জী লে জাৰা"ত আলিয়া আৰু কেটৰিণাৰ সৈতেও একেলগে দেখিবলৈ পোৱা যাব (Priyanka Chopra upcoming projects) এসময়ৰ দেশী গাৰ্লক ৷

লগতে পঢ়ক: বলিউদৰ সপোন সুন্দৰী আলিয়া, অনন্যা, শ্বানায়াৰ এই ৰূপত চকু থৰ হৈ যাব পাৰে আপোনাৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.