ETV Bharat / sitara

যুদ্ধৰ বিভীষিকাৰ মাজতে ইউৰোপলৈ কিং খান

author img

By

Published : Mar 4, 2022, 10:02 PM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে শ্বাহৰুখ খান পাঠান চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে (Pathan movie shooting place) । বৰ্তমান যুদ্ধৰ বাবে ইউৰোপীয় দেশসমূহৰ পৰিস্থিতি উত্তেজনাময় হৈ আছে ৷ ইয়াৰ মাজতে এতিয়া কিং খানৰ ইউৰোপ যাত্ৰাৰ খবৰে চিন্তিত কৰিছে অনুৰাগী সকলক ৷

ukraine wa
ইউক্ৰেইনলৈ যাব শ্বাহৰুখ খান

চিটাৰা ডেস্ক, 4 মাৰ্চ : নৱম দিনাও অব্যাহত আছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ । ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীয়েভতো চলালে কেইবাটাও মাৰাত্মক আক্ৰমণ । শুক্ৰবাৰৰ দিনটোত কীভত একেৰাহে চাৰিটা আক্ৰমণ চলাইছে ৰাছিয়াই । এনে উত্তেজনাময় পৰিস্থিতিৰ মাজতে বাতৰি আহিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে শ্বাহৰুখ খানে তেওঁৰ ছবি 'পাঠান'ৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ যাব পাৰে (Shahrukh new movie) ।

ছবিখনৰ শ্বুটিঙৰ বাবে পূৰ্বতেই পৰিকল্পনাত লোৱা হৈছিল স্পেইন দেশক ৷ কিন্তু ক’ভিড-19ৰ বাবে ই সম্পূৰ্ণ হোৱা নাছিল । শ্বাহৰুখ অহা কেইদিনমানৰ ভিতৰতে স্পেইনলৈ ৰাওনা হ'ব পাৰে । শেহতীয়াকৈ অভিনেতাজনে 'পাঠান'ৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছিল । আগন্তুক বছৰত গণতন্ত্ৰ দিৱসৰ সময়ত ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব ছবিখনে (Pathan movie Shahrukh Deepika John) ।

সেয়েহে এতিয়া ছবিখনৰ শ্বুটিং যিমান সোনকালে সম্ভৱ শেষ কৰিবলৈ বিচাৰিছে কিং খানে ৷ সেয়েহে ছবিখনৰ পৰৱৰ্তী দৃশ্যাংশ সম্পূৰ্ণ কৰিবলৈ ইউৰোপলৈ ৰাওনা হ'ব পাৰে 'পাঠান'ৰ টীম । উল্লেখ্য যে, ৰাছিয়া, ইউক্ৰেইন, স্পেইন, জাৰ্মানী, ফ্ৰান্স, পোলেণ্ড আদি হৈছে ইউৰোপীয় দেশ ।

বৰ্তমানে ৰাছিয়াই একেৰাহে চলাই থকা যুদ্ধৰ বাবে এই মুহূৰ্তত এই দেশ সমূহৰ পৰিস্থিতি ভাল হৈ থকা নাই । এনে পৰিস্থিতিত, ইউৰোপীয় দেশসমূহক কোনো ক্ষেত্ৰতে সুৰক্ষিত বুলি ক’ব নোৱাৰি ৷ প্ৰকাশ পোৱা বাতৰি অনুসৰি, এনে জটিল পৰিস্থিতিৰ মাজতো ছবিখনৰো মুখ্য তাৰকা শ্বাহৰুখৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহাম নিৰ্ধাৰিত সময়সূচী অনুসৰি ৮ বা ৯ মাৰ্চত স্পেইনলৈ ৰাওনা হ'ব পাৰে (Pathan movie cast) ৷

লগতে পঢ়ক: Shilpa Shetty latest news: শিল্পালৈ ভনীয়েকৰ শুভেচ্ছা বাৰ্তা, কিন্তু কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.