ETV Bharat / sitara

Shilpa Shetty latest news: শিল্পালৈ ভনীয়েকৰ শুভেচ্ছা বাৰ্তা, কিন্তু কিয়?

author img

By

Published : Mar 4, 2022, 2:21 PM IST

Shilpa Shetty
এটা নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিছে শিল্পা শেট্টীয়ে

শমিতা শেট্টীয়ে বায়েক শিল্পাক জনালে শুভেচ্ছা ৷ বিপদৰ সময়ত সদায় ছাঁ হৈ থিয় দিয়া এই দুই বায়েক ভনীয়েক বলীউডত প্ৰায়ে চৰ্চিত হৈ আহিছে ৷ ৰাজ কুন্দ্ৰাৰ পৰ্ণ’গ্ৰাফী কেছৰ সময়ত আৰু বিগবছ-15ৰ সময়ত এই ভগ্নীদ্বয়ে আছিল ইজনী সিজনীৰ সাহস হৈ ৷ পুনৰ এটা নতুন বাতৰিৰে খলকনি তুলিছে শিল্পাই (Shilpa Shetty new project) যাৰ বাবে শুভেচ্ছা যাচিলে ভগ্নী শমিতাই...

চিটাৰা ডেস্ক, 4 মাৰ্চ: এটা নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিছে শিল্পা শেট্টীয়ে (Shilpa Shetty new project) ৷ মঙলবাৰে নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টত বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা শেট্টীয়ে নিজৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল এই খবৰটো ৷ হয়, আপুনি ঠিকেই ভাবিছে আমি শিল্পাৰ নতুন ছবিখনৰ কথাই কৈছো ৷

Shilpa Shetty latest news
নতুন বাতৰিৰে খলকনি তুলিছে শিল্পাই

বিগত বৰ্ষৰ হাংগামা2 ৰ পিছত শিল্পাৰ হাতত পৰিছেহি এখন নাৰীকেন্দ্ৰিক ছবি (Shilpa Shetty new film name) ৷ সুখী শীৰ্ষক এই ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে শিল্পাই ৷ বৃহস্পতিবাৰে নতুন ছবিখনৰ কাম আৰম্ভ কৰে অভিনেত্ৰী গৰাকীয়ে ( Shilpa Shetty sukhee shoot begins) ৷ ছবিখনৰ ছেটৰ পৰা এটা ভিডিঅ’ ও পোষ্ট কৰিলে শিল্পাই ৷

Shilpa Shetty latest news
শিল্পালৈ ভনীয়েকৰ শুভেচ্ছা বাৰ্তা

ছবিখনৰ প্ৰথমটো শ্বট শেষ হৈছে ইতিমধ্যে ৷ "এখন নতুন চিনেমা, এটা নতুন চৰিত্ৰ, এটা নতুন যাত্ৰা: #সুখী" এনেদৰে নিজৰ ভিডিঅ’টোত কেপচন দিলে শিল্পাই ৷ শিল্পাৰ পোষ্টটোত ভগ্নী শমিতাই শুভেচ্ছা যাচি লিখিলে, বহুত শুভেচ্ছা মুন্কি ৷

বুধবাৰে ছবিখনৰ শ্বুটিঙৰ বাবে চণ্ডীগড়লৈ উৰা মাৰে শিল্পা শেট্টী ৷ অবুণ্ডান্তিয়া এণ্টাৰটেইনমেণ্ট আৰু টি চিৰিজে একেলগে লগ হৈ প্ৰযোজনা কৰিব এই নাৰীকেন্দ্ৰিক ছবিখন ৷ সোনল জোশীয়ে নিৰ্দেশনা কৰিছে ছবিখন ৷ শিল্পাৰ হাতত নিকম্মা নামেৰে এখন ৰোমান্টিক কমেডি চিনেমাও আছে ৷

লগতে পঢ়ক: Radhika Madan new movie : ৰাধিকা মদনৰ হাতত নতুন ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.