ETV Bharat / sitara

Radhika Madan new movie : ৰাধিকা মদনৰ হাতত নতুন ছবি

author img

By

Published : Mar 3, 2022, 2:05 PM IST

Radhika Madan new movie
ৰাধিকা মদনৰ হাতত এখন নতুন বোলছবি

সুধাংশু সৰিয়াৰ পৰিচালিত ছানা-ত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰাধিকা মদনে (Radhika Madan new movie) ৷ মানসিক অন্তৰ্দ্বন্দ্বৰ সৈতে যুঁজি থকা এগৰাকী জেদী আৰু উচ্চাকাংক্ষী ছোৱালী ছানাৰ চৰিত্ৰত অভিনয় কৰিব ৰাধিকাই ৷

চিটাৰা ডেস্ক, 3 মাৰ্চ : ৰাধিকা মদনৰ হাতলৈ আহিল এখন নতুন ছবি (Radhika Madan new movie) ৷ ছানা শীৰ্ষক এখন ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰাধিকাই ৷

'ছানা' চলচ্চিত্ৰ নিৰ্মাতা সুধাংশু সৰিয়াৰ নিৰ্দেশনাত আহিবলগীয়া এখন সামাজিক ছবি ৷ চলচ্চিত্ৰখন এগৰাকী জেদী আৰু উচ্চাকাংক্ষী ছোৱালীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ৷ য’ত মুখ্য চৰিত্ৰটোৱে মানসিক অন্তৰ্দ্বন্দ্বৰ সৈতে মোকাবিলা কৰি অশান্তিত ভূগি থাকে (radhika madan upcoming film) ৷

'ছানা' ছবিখনৰ অংশ হ'বলৈ পাই উৎসাহিত ৰাধিকাই কয়, "এজন অভিনেতা হিচাপে মই সদায় প্ৰভাৱশালী চৰিত্ৰত অভিনয় কৰিব বিচাৰো, যিয়ে এক পাৰ্থক্য বৰ্তাই ৰাখে । মুম্বাইস্থিত 'ছানা'ই নিজকে এগৰাকী শক্তিশালী আৰু উচ্চাকাংক্ষী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে । এই চলচ্চিত্ৰখনৰ মতাদৰ্শৰ মোৰ জীৱনৰ দৃষ্টিভংগীৰ সৈতে যথেষ্ট সাদৃশ্য আছে (radhika madan new film name) ।

সুধাংশু সৰিয়ায়েও ফ’ৰ লাইন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, "মই সদায় উচ্চ মানদণ্ডৰ কাহিনী সৃষ্টিত বিশ্বাস ৰাখো, যিয়ে সমাজলৈ গধুৰ বাৰ্তা প্ৰেৰণ কৰে । ছানা ছবিখনৰ কাহিনী মোৰ সাত বছৰীয়া সপোন ৷ ৰাধিকা মদনে মোৰ সাধাৰণ চৰিত্ৰটো জীৱন্ত কৰিবলৈ সন্মত হোৱাৰ বাবে মই অধিক উৎসাহিত হৈ পৰিছো ৷ চলচ্চিত্ৰখনত এটা ভাল মেছেজ আছে আৰু মই আশা কৰো যে সমগ্ৰ বিশ্বৰ দৰ্শকে ইয়াক আঁকোৱালি ল’ব । এই ছবিখনে মহিলাসকলক সমালোচনাৰ সন্মুখীন হোৱাৰ পৰা নিশ্চয় আঁতৰত ৰাখিব" ৷

'ছানা'ৰ উপৰিও ৰাধিকাক 'কুট্টি' আৰু 'চাছ বহু ঔৰ কোকেইন'ত দেখা যাব ।

লগতে পঢ়ক: প্ৰেম আৰু ভাগ্যৰ মেৰপাকত কেনেদৰে সোমাই পৰে পূজা আৰু প্ৰভাস ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.