ETV Bharat / sitara

প্ৰেম আৰু ভাগ্যৰ মেৰপাকত কেনেদৰে সোমাই পৰে পূজা আৰু প্ৰভাস ?

author img

By

Published : Mar 2, 2022, 9:57 PM IST

মুকলি হ’ল ৰাধে শ্যামৰ দ্বিতীয়টো ট্ৰেইলাৰ (Radhe Shyam Trailer) ৷ ট্ৰেইলাৰটোত এক অনন্য ৰূপত দেখা পোৱা গ’ল প্ৰভাসক ৷ অভিনেতাদ্বয় ক্ৰমে প্ৰভাস আৰু পূজাক এইখন প্ৰেম আধাৰিত ছবিৰে একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ( Prabhas Pooja movie Radhe Shyam ) ৷ ৰাধা কৃষ্ণ কুমাৰৰ এই চিনেমাখনে 11 মাৰ্চত মুক্তি লাভ কৰিব (Radhe Shyam release date) ৷

Radhe Shyam
মুকলি হ’ল বহুল চৰ্চিত ছবি ৰাধে শ্যামৰ দ্বিতীয়টো ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 2 মাৰ্চ : বুধবাৰে মুকলি হ’ল বহুল চৰ্চিত ছবি ৰাধে শ্যামৰ দ্বিতীয়টো ট্ৰেইলাৰ (Radhe Shyam second trailer) ৷ ছবিখন মুক্তিৰ পূৰ্বে মুকলি কৰা ট্ৰেইলাৰটোৱে উৎসুক কৰি তুলিছে চলচ্চিত্ৰ প্ৰেমীক ৷

হস্তৰেখাবিদ হিচাপে প্ৰভাসক সম্পূৰ্ণৰূপে অন্য এক চৰিত্ৰত দেখিবলৈ পোৱা যাব ৰাধে শ্যামত (Prabhas role in Radhe Shyam) ৷ ট্ৰেইলাৰটোৱে ছবিখনত কোনো ভিলেইন চৰিত্ৰৰ উপস্থিতি দেখুওৱা নাই ৷

Radhe Shyam
মুকলি হ’ল বহুল চৰ্চিত ছবি ৰাধে শ্যামৰ দ্বিতীয়টো ট্ৰেইলাৰ

প্ৰায় 1 মিনিট সময়ৰ ট্ৰেইলাৰটোৱে দেখুৱাইছে পূজা প্ৰভাসৰ প্ৰেম ৷ লগতে ভাগ্যই প্ৰেমিকযুগলৰ মিলনত বাধা হৈ থিয় দিব বুলি অনুমান কৰিব পাৰি ট্ৰেইলাৰটো চাই ৷

Radhe Shyam
দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাস

ছবিখনৰ প্ৰথমটো ট্ৰেইলাৰ দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে নিজৰ 40 হেজাৰ ডাৰ্লিং ৰ মাজত মুকলি কৰিছিল ৷ প্ৰভাসে নিজৰ অনুৰাগী সকলক ডাৰ্লিং বুলি সম্বোধন কৰে ৷

Radhe Shyam
পূজা হেগড়ে

3মিনিট দৈৰ্ঘ্যৰ এই ট্ৰেইলাৰটো অনুৰাগীয়ে মুকলিৰ লগে লগেই সাংঘাতিক ধৰণে শ্বেয়াৰ কৰিছিল ৷ ট্ৰেইলাৰে লাভ কৰা জনপ্ৰিয়তালৈ চাই ক’ব পাৰি অনুৰাগী সকল অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাধে শ্যামে মুক্তি লাভ কৰালৈ (Prabhas Pooja movie together) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দুটাকৈ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতো কিন্তু ছবিখনৰ কাহিনী সঠিককৈ অনুমান কৰিব পৰা হোৱা নাই ৷ ছবিখনত প্ৰভাসৰ চৰিত্ৰটোৰ নাম বিক্ৰমাদিত্য যি এজন হস্তৰেখাবিদ ৷ বিক্ৰমাদিত্যৰ প্ৰেমিকাৰ চৰিত্ৰ প্ৰেৰণা ৰূপায়ন কৰিছে পূজা হেগড়েই (Pooja Hegde role in Radhe Shyam) ৷

ছবিখন 11 মাৰ্চত ছবিগৃহলৈ আহিব ৷ হিন্দীৰ লগতে তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাতো মুক্তি লাভ কৰিব ছবিখনে ৷

লগতে পঢ়ক: Radhe Shyam Promotions: প্ৰস্তুতি তুংগত ৰাধে শ্যামৰ প্ৰচাৰ অভিযানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.