ETV Bharat / sitara

Shah Rukh Khan look in Pathan : চাৰ্টলেছ শ্বাহৰুখে টোপনি হৰিছে অনুৰাগীৰ

author img

By

Published : Mar 16, 2022, 11:11 AM IST

স্পেইনত চলি থকা বলীউডৰ নতুন ছবি পাঠানৰ দৃশ্যগ্ৰহণৰ ফটো ভাইৰেল ছ’চিয়েল মিডিয়াত ৷ য’ত দেখিবলৈ পোৱা গৈছে বাদশ্বাহৰ চাৰ্টলেছ লুক (Shah Rukh Khan viral photo) ৷ অ’লিভ গ্ৰীণ ৰঙৰ এটা কাৰ্গ’ পেণ্ট পিন্ধি দীঘল চুলিৰে সৈতে এযোৰ গাগল্ছ পৰিধান কৰি থকা অৱস্থাত বাহিৰ হোৱা এই ফটোখনে লগাইছে তোলপাৰ ৷

Pathan
বাদশ্বাহৰ চাৰ্টলেছ লুক

চিটাৰা ডেস্ক, 16 মাৰ্চ : বহু সময়ৰ বিৰতিৰ মূৰত শ্বাহৰুখ খানক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ৷ শ্বাহৰুখৰ মুক্তি লাভ কৰিবলগীয়া ছবি পাঠানৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় শেষ হোৱাৰ পথত ৷ তেওঁৰ অনুৰাগীসকলৰ মাজত এতিয়া ইয়াকে লৈ সাংঘাতিক উৎকণ্ঠা ৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে কিছুদিন পূৰ্বে স্পেইনলৈ যাত্ৰা কৰিছিল পাঠান ছবিৰ টীমটোৱে ৷ তাতেই ছবিখনৰ শ্বুটিঙৰ কাম সমাপ্ত হ’ব ৷ শ্বুটিংস্থলীৰ পৰাই বাহিৰ হৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিং খানৰ এখন চাৰ্টলেছ ফটো (Shah Rukh Khan leaked image) ৷ শ্বাহৰুখ খানৰ অনুৰাগী ফেচবুকৰ পেজ এটাই শ্বেয়াৰ কৰিছে এই ফটোখন ৷

ভাইৰেল হৈ পৰা ফটোখনত শ্বাহৰুখক এটা অ’লিভ গ্ৰীণ ৰঙী কাৰ্গ’ পেণ্ট পৰিহিত অৱস্থাত দেখা গৈছে ৷ অভিনেতাগৰাকীয়ে লগতে পৰিধান কৰিছে এযোৰ গাগল্ছ ৷ উদং শৰীৰত দীঘল চুলিৰ সৈতে শ্বাহৰুখৰ এই ৰূপে খলকনি তুলিছে ছ’চিয়েল মিডিয়াৰ লগতে অনুৰাগীৰ মাজত ৷

বৰ্তমান সামাজিক মাধ্য়মত চৰ্চিত হৈ থকা এটা নাম হ’ল শ্বাহৰুখ খান ৷ বলীউডৰ বাদশ্বাহে মঙলবাৰৰ দিনটোত ঘোষণা কৰে মুক্তি লাভ কৰিবলগীয়া নিজৰ অ’টিটি প্লেটফৰ্মৰ বিষয়ে ৷ এই ঘোষণাৰ পিছতেই আনন্দত আত্মহাৰা হৈ পৰে অভিনেতা গৰাকীৰ অনুৰাগীসকল ৷ বলীউডৰ বিভিন্ন নামী-দামী তাৰকাই শুভেচ্ছা জনাইছে শ্বাহৰুখক ৷

পাঠান ছবিখনে 2023 বৰ্ষৰ 25 জানুৱাৰীত মুক্তি লাভ কৰিব (Pathan release date) ৷ ছবিখনত শ্বাহৰুখৰ লগতে জন আব্ৰাহাম, দীপিকা পাডুকনেও অভিনয় কৰিছে (Pathan movie cast) ৷

লগতে পঢ়ক: বলীউডৰ বাদশ্বাহে নিজেই মুকলি কৰিব নতুন অটিটি প্লেটফৰ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.