ETV Bharat / sitara

RRR gears up to hit the screens on March 25: 25 মাৰ্চত ছবিগৃহলৈ আৰ আৰ আৰ

author img

By

Published : Feb 1, 2022, 1:32 PM IST

ক’ভিড মহামাৰীৰ বাবে 2020 বৰ্ষৰ পৰা পিছুৱাই থকা বহু প্ৰতীক্ষিত ছবি আৰ আৰ আৰ এ অৱশেষত মুক্তি লাভ কৰিব 25 মাৰ্চত (RRR movie release date) ৷

RRR gears up to hit the screens on March 25
25 মাৰ্চত ছবিগৃহলৈ আৰ আৰ আৰ

চিটাৰা ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী: কেইদিনমান আগতে আৰ আৰ আৰ ছবিখনৰ টীমটোৱে ছবিখনৰ অফিচিয়েল টুইটাৰ একাউণ্টত 18 মাৰ্চত ছবিখনে মুক্তি লাভ কৰিব বুলি ঘোষণা কৰিছিল ৷ লগতে তেওঁলোকে ক’ৰণাৰ প্ৰতি লক্ষ্য ৰাখি 28 এপ্ৰিলৰ দিনটোও ধাৰ্য কৰি ৰখাৰ কথা উল্লেখ কৰিছিল ৷

শেহতীয়াকৈ, আকৌ অন্য এটা তাৰিখ লৈ এটা নতুন আপডেট আহিল ছবিখৰ মুক্তিৰ সম্পৰ্কত (RRR movie release date) ৷ ছবিখনৰ টীমটোৱে টুইট কৰিছে যে ছবিখনে 25 মাৰ্চত মুক্তি লাভ কৰিব ৷

অৱশেষত, অধীৰ আগ্ৰহেৰে ৰৈ থকা দৰ্শকসকলৰ বাবে আহিল এই সুখবৰটো ৷ ছবিখনত দক্ষিণৰ চুপাৰষ্টাৰ ৰামচৰণ আৰু এন টি ৰামাৰাওৰ লগতে বলীউডৰ অজয় দেৱগণ আৰু আলিয়া ভাটেও অভিনয় কৰিছে ৷

লগতে পঢ়ক: Nawazuddin in Woman Attire: মহিলাৰ সাজ পিন্ধি ক’ত নাচিলে নৱাজুদ্দিন ছিদ্দিকীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.