ETV Bharat / sitara

ৰিতেশ দেখমুখৰ ভিডিঅ' ভাইৰেল

author img

By

Published : Apr 9, 2021, 2:22 PM IST

ৰিতেশ দেশমুখে এটা ভিডিঅ' আপলোড কৰিছে য'ত শেহতীয়াকৈ অনুষ্ঠিত ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ অভিনেতা হিচাপে মনোনীত নোহোৱাৰ বাবে এক ভাষণ দিয়া পৰিলক্ষিত হয় । সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ।

ৰিতেশ দেখমুখৰ ভিডিঅ' ভাইৰেল
ৰিতেশ দেখমুখৰ ভিডিঅ' ভাইৰেল

চিটাৰা ডেস্ক, ৯ এপ্ৰিল: ফিল্মফেয়াৰত 'শ্ৰেষ্ঠ অভিনেতা' হিচাপে মনোনীত নোহোৱা 'ৰিতেশ দেখমুখে দিয়া এক ভাষণ সম্প্ৰতি ভাইৰেল হৈ পৰিছে । মস্তি ষ্টাৰ ৰিতেশে ছচিয়েল মিডিয়াত পোষ্ট কৰা এক ভিডিঅ' যথেষ্ঠ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ'টোত ৰিতেশে এযোৰ নম্ৰ পোছাক পৰিধান কৰি ভাষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে । ভাইৰেল ভিডিঅ'টোত ৰিতেশে কৈছিল 'শেষত কিন্তু একমাত্ৰ নহয়, মই মোক ধন্যবাদ দিব বিচাৰো ! মোৰ ওপৰত বিশ্বাস থকাৰ বাবে মই মোক ধন্যবাদ দিব বিচাৰো' ! ইযাৰ পূৰ্বেও এক অনুষ্ঠানৰ সময়ত বলীউডৰ মোহময়ী অভিমনেত্ৰী প্ৰীতি জিণ্টাৰ সৈতে বাৰ্তালাপত মগ্ন হৈ থকা ৰিতেশৰ কাষতে তেওঁৰ অভিনেত্ৰী পত্নী জেনেলিয়া ৰৈ থকাৰ দৃশ্যও ভাইৰেল হৈ পৰিছিল ।

ইফালে, ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱনৰ আধাৰিত বহুভাষিক ত্ৰিলজীৰ বাবে চাইৰাটৰ পৰিচালক নাগৰাজ মঞ্জুলেৰ সৈতে ৰিতেশে কাম কৰিব বুলি জানিব পৰা গৈছে । মুম্বাই ফিল্ম কোম্পানীৰ জৰিয়তে ইয়াক সমৰ্থন জনাইছে ৰিতেশে আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ চৰিত্ৰত অভিনয় কৰিব ৰিতেশে ।

লগতে পঢ়ক: ৭৪ সংখ্যক BAFTA ত ঘোষিকাৰ ৰূপত থাকিব প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.