ETV Bharat / sitara

টাৱেল পিন্ধি ৰণবীৰ সিঙে উঠা ফটোত পূজা হেগড়েৰ আশ্চৰ্যকৰ কমেন্ট !

author img

By

Published : Oct 16, 2021, 6:40 PM IST

ইনষ্টাগ্ৰাম পোষ্টযোগে টাৱেল পিন্ধি থকা ফটো শ্বেয়াৰ কৰিছে ৰণবীৰ সিঙে(Ranveer Singh) । ৰণবীৰৰ সুঠাম শৰীৰৰ প্ৰশংসাত পঞ্চমুখ অনুৰাগী । পিছে 'চাৰ্কাছ'(Cirkus) ছবিৰ সহ-অভিনেত্ৰী পূজা হেগড়েৰ কমেণ্টে হতবাক কৰিলে সকলোকে । কিন্তু কি ক'লে পূজাই ?

Ranveer Singh's latest social media post
চৰ্চাত ৰণবীৰ সিঙৰ শ্বাৰ্টলেছ ফটো

চিটাৰা ডেস্ক, ১৬ অক্টোবৰ : টেলিভিছন শ্ব'ৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সাজু হৈছে বলীউড অভিনেতা ৰণবীৰ সিং(Ranveer Singh) । সকলোৱে আশাৰে বাট চাইছে নতুন ৰূপত ৰণবীৰক চাবলৈ । কিন্তু শনিবাৰে ৰণবীৰ সিঙৰ এখন বিশেষ ফটোৱে খলকনি তুলিছে ছ'চিয়েল মিডিয়াত । ৰণবীৰে ইনষ্টাগ্ৰাম(Instagram) পোষ্টযোগে এখন ফটো শ্বেয়াৰ কৰিছে ।

ফটোখনত টাৱেল পিন্ধি থকা অৱস্থাত দেখা গৈছে অভিনেতাগৰাকীক । ফটোখন শ্বেয়াৰ কৰি ৰণবীৰে অনুৰাগীক উদ্দেশ্যি এটা প্ৰশ্নও কৰিছে । তেওঁ সুধিছে- "ৰণবীৰৰ ঘাম কিয় ওলাই আছে ?" লগতে চাৰিটা উত্তৰৰ মাজৰ পৰা শুদ্ধ উত্তৰ বাচি উলিওৱাৰো সুযোগ দিছে অভিনেতাগৰাকীয়ে । উত্তৰ কেইটা হৈছে- ১) তেওঁ এতিয়া ষ্টীম ৰূমৰ পৰা ওলাই আহিছে, ২) আজি দূৰদৰ্শনত তেওঁ আত্মপ্ৰকাশ কৰিব, ৩) তেওঁৰ শৰীৰৰ উত্তাপ বেছি, ৪) তেওঁ যোগাভ্যাস কৰি আছে ।

অনুৰাগীয়ে কমেণ্ট ছেকছন ফায়াৰ ইম'জিৰে ভৰাই পেলাইছে । ৰেমো ডিচুজা, ডিনো মৰিয়া, গুলচন দেৱায়া আৰু আন বহুজনে অভিনেতাজনৰ শৰীৰৰ প্ৰশংসা কৰে ।

লগতে ৰণবীৰৰ সুঠাম শৰীৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অনুৰাগীসকল । কিন্তু পূজা হেগড়েৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । ধেমালিৰ চলেৰে পূজাই লিখিছে যে, টাৱেলখন পৰি যাব ধৰিছে, সাৱধান হোৱা । উল্লেখ্য যে, পূজা আৰু ৰণবীৰক ৰোহিত ছেট্টী পৰিচালিত 'চাৰ্কাছ'(Cirkus)ত দেখা পোৱা যাব ।

ছবিখন উইলিয়াম শ্বেক্সপীয়েৰৰ নাটক 'দ্য কমেডি অৱ এৰৰ্ছ'ৰ এক অভিযোজন । ছবিখনত ৰণবীৰে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে । লগতে ছবিখনত জেকলিন ফাৰ্ণাণ্ডেজ, বৰুণ শৰ্মা, জনি লিভাৰ, সঞ্জয় মিশ্ৰ, সিদ্ধাৰ্থ যাদৱ আৰু ব্ৰজেশ হিৰজীয়েও অভিনয় কৰিছে । ৰণবীৰক টেলিভিছন কুইজ শ্ব' "দ্য বিগ পিকচাৰ"ত এক নতুন ৰূপত দেখা পোৱা যাব আৰু এয়া তেওঁৰ প্ৰথম টেলিভিছন শ্ব' ।

লগতে পঢ়ক : Big Boss 15 : শমিতা চেট্টীক কৰা অপমানৰ বাবে অগ্নিশৰ্মা চলমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.