ETV Bharat / sitara

Ranveer deepika latest news: কেৱল অভিনয়তে নহয়, পাকঘৰতো পাকৈত দীপিকা পাডুকন

author img

By

Published : Mar 16, 2022, 9:47 PM IST

সময় সুবিধা পালেই অভিনেত্ৰী পত্নীৰ প্ৰশংসা কৰিবলৈ লাগি যায় ৰণবীৰ সিং (Ranveer deepika latest news) ৷ অৱশ্যে প্ৰতিগৰাকী নাৰীয়েই বিচাৰে তেনেকুৱা এজন পুৰুষ ৷ ভাগ্যৱান দীপিকা ! সকলো দিশতে পাৰ্গত দীপিকাৰ এইবাৰ ৰন্ধনক লৈ প্ৰশংসাত বহিল ৰণবীৰ ৷

Ranveer
পাকঘৰতো পাকৈত দীপিকা পাডুকন

চিটাৰা ডেস্ক, 16 মাৰ্চ : ৰন্ধন-প্ৰকৰণো কৰিব জানে বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে ৷ মঙলবাৰে এই কথা ফাদিল কৰিলে খোদ স্বামী ৰণবীৰ সিঙে ৷ সামাজিক মাধ্যমত ৰণবীৰে অনুৰাগীক জনালে এই কথা (Ranveer deepika latest news) ৷

মঙলবাৰৰ নিশা, বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ইন্ষ্টাগ্ৰামত অনুৰাগীৰে সৈতে প্ৰশ্ন উত্তৰৰ এটা শিতান অনুষ্ঠিত কৰে ৷ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে অভিনেতাজনে ৷

Ranveer
ইন্ষ্টাগ্ৰাম ষ্টোৰী

পত্নী দীপিকাৰ প্ৰসংগত অসংখ্য প্ৰশ্ন আহে ৰণবীৰলৈ আৰু অভিনেতাজনে সকলো প্ৰশ্নৰে উত্তৰ অমায়িক ভাৱে দি যায় ৷ তাৰ মাজতে এজন নেটিজেনে সুধিলে যে ৰণবীৰে দীপিকাৰ হাতৰ ৰন্ধা খানা কেনেকুৱা পাই ? (Ranveer on Deepika s cooking skill) প্ৰত্যুত্তৰত ৰণবীৰে পত্নীৰ যাদুকৰী হাতৰ প্ৰশংসা কৰি কয় যে, "ভাল পাওঁ ৷ তেওঁ এগৰাকী ভাল ৰান্ধনী ৷ মোৰ বহু প্ৰতিভাবান বেবী" ৷

Ranveer
ইন্ষ্টাগ্ৰাম ষ্টোৰী

আন এগৰাকী অনুৰাগীয়ে সুধিলে বৰ্তমানে লণ্ডনত প্ৰিমিয়াৰ লীগ উপভোগ কৰি থকা ৰণবীৰে দীপিকাক মনত পেলাইছেনে নাই ? 'বহুত', মাত্ৰ এটা শব্দৰে নিজৰ মনৰ কথা প্ৰকাশ কৰা ৰণবীৰে আকৌ জয় কৰিলে অনুৰাগীৰ মন ৷

Ranveer
2012 চনত প্ৰেমত পৰিছিল ৰণবীৰ-দীপিকা

ৰণবীৰৰ দুয়োটা উত্তৰেই দীপিকাই নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত শ্বেয়াৰ কৰিলে ৷ দুয়োৰে মাজৰ এই অসীম ভালপোৱা সদায় এনেদৰে থকাৰ কামনাৰে শুভেচ্ছা যাচিলে অনুৰাগীয়ে ৷

2012 চনত প্ৰেমত পৰিছিল ৰণবীৰ-দীপিকা (Ranveer Deepika lovestory) ৷ সঞ্জয় লীলা ভাঞ্চালীৰ হিট ছবি ‘ৰাম-লীলা’ ত অভিনয় কৰি দুয়োৰে মাজত প্ৰেমে পোখা মেলিছিল ৷ তাৰ পিছত ছবছৰৰ অন্তত 2018 চনত ইটালীত বিবাহ পাশত আৱদ্ধ হয় দুয়ো ৷

লগতে পঢ়ক: বাফ্টা 2022 ত গ্লেমাৰৰ পয়োভৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.