ETV Bharat / sitara

ৰণবীৰ-আলিয়াৰ সৈতে জন্মদিন উদযাপন মহেশ ভাটৰ

author img

By

Published : Sep 20, 2021, 2:08 PM IST

আজি ছবি নিৰ্মাতা মহেশ ভাটৰ ৭৩ সংখ্যক ওপজা দিন । দেওবাৰে নিশাই পিতৃৰ কাষত উপস্থিত হৈ শুভেচ্ছা জনালে আলিয়া ভাটে । ভাট পৰিয়ালৰ এই শুভ মূহুৰ্তত আলিয়াৰ সৈতে উপস্থিত থাকে ৰণবীৰ কাপুৰ ।

Ranbir joins Alia for Mahesh Bhatt's birthday celebration
মহেশ ভাটৰ ৭৩ সংখ্যক ওপজা দিন

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ : জীৱনৰ আৰু এটা অভিজ্ঞতাপূৰ্ণ বছৰ অতিক্ৰম কৰিলে ছবি নিৰ্মাতা মহেশ ভাটে । এইবাৰ মহেশ ভাটৰ ওপজা দিনত ভাট পৰিয়ালৰ সদস্যসকলৰ লগতে ছবি নিৰ্মাতাগৰাকীৰ বাসগৃহত দেখা গ'ল অভিনেতা ৰণবীৰ কাপুৰক । দেওবাৰে নিশা মহেশ ভাটৰ মুম্বাইস্থিত বাসগৃহত উপস্থিত হয় কন্যা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ।

পিতৃক ওপজা দিনৰ শুভেচ্ছা জনোৱাৰ মূহুৰ্তৰ এখন ফটো সোমবাৰে পুৱাই ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে আলিয়াই ৷ ফটোখনত পূজা ভাট আৰু ৰণবীৰ কাপুৰকো দেখা গৈছে । আনহাতে, মহেশ ভাটৰ পত্নী ছ'নী ৰাজদান আৰু কন্যা ছাহিন ভাটেও ভিডিঅ' কলৰ জৰিয়তে মহেশ ভাটক জন্মদিনৰ শুভকামনা জনায় ।

উল্লেখ্য যে, ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ ওপজা দিনত আলিয়াৰ উপস্থিতি আৰু কাপুৰ পৰিয়ালৰ সৈতে বৰদিন উদযাপনে যথেষ্ট চৰ্চা লাভ কৰিছিল । ভাট পৰিয়ালৰ এনে ব্যক্তিগত অনুষ্ঠানত উপস্থিত থকা ৰণবীৰৰ এয়া প্ৰথমখন ফটো ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে ।

চড়ক-২ ছবিখনৰ জৰিয়তে মহেশ ভাটে এটা দশকৰো পিছত পৰিচালক হিচাপে কাম কৰিছে । প্ৰথমবাৰৰ বাবে আলিয়াই পিতৃৰ সৈতে এই ছবিখনতে একেলগে কাম কৰিছিল ।

ইফালে, আলিয়া আৰু ৰণবীৰে বৰ্তমান "ব্ৰহ্মাস্ত্ৰ"ৰ মুক্তিৰ অপেক্ষাত আছে । এই ছবিখনতে প্ৰথমবাৰৰ বাবে আলিয়া-ৰণবীৰক ৰীল লাইফত একেলগে দেখা যাব । আনহাতে, আলিয়াক সঞ্জয় লীলা ভাঞ্চালীৰ "গংগুবাই কাঠিয়াৱাড়ী" আৰু "আৰআৰআৰ"ত দেখা পোৱা যাব । অভিনেত্ৰীগৰাকী বৰ্তমান কৰণ জোহৰৰ "ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী" ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক: পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.