ETV Bharat / sitara

Secret daughter novel: চিক্ৰেট ডটাৰ গ্ৰন্থখনৰ ৰূপালী পৰ্দাৰ সংস্কৰণত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই

author img

By

Published : Mar 22, 2022, 9:42 PM IST

Priyanka Chopra
প্ৰিয়ংকা চোপ্ৰাক দেখা যাব এখন বিখ্যাত গ্ৰন্থৰ মুখ্য চৰিত্ৰত

প্ৰিয়ংকা চোপ্ৰাক দেখা যাব এখন বিখ্যাত গ্ৰন্থৰ মুখ্য চৰিত্ৰত (Priyanka Chopra latest updates) ৷ শিল্পী সোমায়া গোৱডাৰ বিখ্যাত গ্ৰন্থ চিক্ৰেট ডটাৰক লৈ নিৰ্মাণ হ’ব এখন বোলছবি য’ত অভিনয় কৰিব গ্লোবেল ষ্টাৰ প্ৰিংয়কা চোপ্ৰাই (Priyanka Chopra upcoming projects) ৷

চিটাৰা ডেস্ক, 22 মাৰ্চ : প্ৰিয়ংকা চোপ্ৰাৰ হাতত আহি পৰিছেহি এটা নতুন প্ৰজেক্ট ৷ আমেৰিকান অভিনেত্ৰী চিয়েনা মিলাৰৰ সৈতে অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই ৷ চিত্ৰ নিৰ্মাতা এন্থনী চ্চেন আগবাঢ়িছে লেখিকা শিল্পী সোমায়া গোৱডাৰ বিখ্যাত উপন্যাস চিক্ৰেট ডটাৰৰ আধাৰত এখন ছবি নিৰ্মাণৰ দিশে ( screen adaption of Secret Daughter) ৷ তাৰেই মুখ্য চৰিত্ৰ দুটাৰ বাবে বাচনি কৰা হৈছে প্ৰিয়ংকা আৰু চিয়েনাক ৷

উপন্যাসখন দুগৰাকী মহিলাৰ কাহিনীৰে ৰচনা কৰা হৈছিল (Secret daughter novel) ৷ এটা শিশুৰ দ্বাৰা জড়িত হৈ পৰা দুগৰাকী মহিলাৰ কাহিনীৰে সমৃদ্ধ উপন্যাসখন । চমাৰ ছান ফ্ৰান্সিস্কোৰ এগৰাকী নৱবিবাহিতা চিকিৎসক যিয়ে জীৱনৰ আটাইতকৈ দুখলগা খবৰটো আৱিষ্কাৰ কৰে যে তেওঁ কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব । একেটা বছৰতে ভাৰতত এগৰাকী দৰিদ্ৰ মাতৃ কবিতাই নিজৰ নৱজাতক জীয়েকৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ পৰা আঁতৰ কৰি পঠোৱাৰ দৰে এক হৃদয়বিদাৰক সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় ।

এই কণমানি শিশুৰ দ্বাৰাই চমাৰ আৰু কবিতা ভাগ্যৰ পাকচক্ৰত পৰি পৰস্পৰৰ জীৱনৰ সৈতে জড়িত হৈ পৰে ৷ কবিতাই আজীৱন নিজৰ এই কঠোৰ সিদ্ধান্তৰ বাবে জীয়াতু ভূগিব । মুম্বাইৰ এখন অনাথ আশ্ৰমেই এই কণমানি শিশুটিৰ বাবে আশ্ৰয়স্থলী হৈ পৰে ৷ আশা নামেৰে নতুন পৰিচয় লাভ কৰে শিশুটিয়ে ।

এই পটভূমিতে ৰচিত গ্ৰন্থখনকলৈ এতিয়া হলীউডত নিৰ্মাণ হ’ব ছবি ৷ এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকাই (Priyanka Chopra latest updates) ৷ প্ৰিয়ংকাৰ হাতত এই বছৰটোত বলীউড হলীউডকে ধৰি কেইবাটাও নতুন প্ৰজেক্ট আছে (Priyanka Chopra upcoming projects) ৷

লগতে পঢ়ক: দ্য কাশ্মীৰ ফাইল্ছক লৈ মুখ খুলিলে মিষ্টাৰ পাৰফেক্চ’নিষ্ট আমিৰ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.