ETV Bharat / sitara

OTT সন্দৰ্ভত প্ৰিয়ংকা চোপ্ৰাৰ বিস্ফোৰণ

author img

By

Published : Jun 23, 2021, 7:05 PM IST

OTT প্লেটফৰ্ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ'নাছে । প্ৰিয়ংকাৰ অভিযোগ OTT প্লেটফৰ্মে বলীউডত নিৰ্দিষ্ট একাংশ লোকৰ আধিপত্য নোহোৱা কৰি পেলাইছে । প্ৰিয়ংকাৰ মতে, OTT প্লেটফৰ্মৰ কোনো ভৱিষ্যত নাই ।

Priyanka Chopra says OTT shattered monopoly of specific people in Bollywood
OTT প্লেটফৰ্ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰিয়ংকা চৌপ্ৰাৰ

চিটাৰা ডেস্ক, ২৩ জুন : বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ'নাছৰ মতে, মানুহে OTT প্লেটফৰ্মক আদৰি লোৱা উচিত । OTT প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন কাহিনীৰ ছবি, ছিৰিজ আদি দৰ্শকে উপভোগ কৰাই নহয়, ই ছবি উদ্যোগটোকো স্বতন্ত্ৰ কৰি তোলে । এই বছৰ নেটফ্লিক্সত মুক্তি লাভ কৰা 'দ্য হোৱাইট টাইগাৰ'ৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মত আত্মপ্ৰকাশ কৰা প্ৰিয়ংকাই কয় যে, ষ্ট্ৰীমিং সেৱাই শিল্পীসকলক বলীউডৰ ছবিৰ "ফৰ্মুলা"ৰ বাহিৰৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিছে ।

তেওঁ কয় যে, "আপুনি ভাৰতীয় ছবিত দেখিছে যে, সাধাৰণতে ছবিত ৫টা মান গীত থাকে আৰু কাজিয়াৰ দৃশ্য থাকে । কিন্তু ষ্ট্ৰীমিং সেৱা এই সূত্ৰ এৰি উন্নত মানৰ ছবি নিৰ্মাণৰ স্বাধীনতা দিছে । এতিয়া আৰু সেই সূত্ৰ প্ৰয়োগ নহয় । এতিয়া মানুহে ভাল, বাস্তৱধৰ্মী কাহিনী বিচাৰে, যি কাহিনী তেওঁলোকে নিজৰ জীৱনৰ সৈতে তুলনা কৰি চাব পাৰে ।

মঙলবাৰে সন্ধিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত ষ্ট্ৰীমিং প্লেটফৰ্ম জি 5-ৰ মুকলি অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে সংবাদ মাধ্যমৰ আগত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ৩৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে, ষ্ট্ৰীমিং সেৱাৰ বৃদ্ধিয়ে বিশেষকৈ বলীউডত "নিৰ্দিষ্ট সংখ্যক লোকৰ" আধিপত্য নোহোৱা কৰি পেলাইছে । ফলত নতুন কাহিনী দৰ্শকে উপভোগ কৰিব পাৰিছে ।

নতুন লেখক, অভিনেতা, ছবি নিৰ্মাতাসকলক নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই উদ্যোগটোৱে সুযোগ দিছে, যি দীৰ্ঘদিন ধৰি কেইজনমান নিৰ্দিষ্ট সংখ্যক লোকৰ দ্বাৰা পৰিচালিত হৈছিল । OTT প্লেটফৰ্মক আন ছবিৰ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰ সৈতে তুলনা কৰিব নোৱাৰি যদিও এই প্লেটফৰ্মে দৰ্শকৰ বাবে এক আকৰ্ষণ হৈ পৰিছে । চোপ্ৰাই অৱশ্যে দৃঢ়ভাৱে বিশ্বাস কৰে যে, দৰ্শকৰ সঁহাৰি লাভ কৰিছে বুলিয়েই বৰ্তমান OTT প্লেটফৰ্মে উন্নতিৰ শিখৰত স্থায়ীভাৱে চুব পৰিছে বুলি ধাৰণা কৰিব নোৱাৰি । তেওঁৰ মতে, এয়া ভৱিষ্যত নহয়, বৰ্তমানহে মাথোঁ ।

মানুহে আন্তৰিকতাৰে OTT প্লেটফৰ্মক আঁকোৱালি লোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, প্ৰিয়ংকা বৰ্তমান চিটাডেলৰ সৈতে ব্যস্ত হৈ আছে । ছবিখন এভেঞ্জাৰ্ছ নিৰ্মাতা জ' আৰু এন্থনী ৰুচোৰ দ্বাৰা পৰিচালিত । স্পাই থ্ৰিলাৰ ছবিখনত ৰিচাৰ্ড মেডেনও অভিনয় কৰিছে ।

লগতে পঢ়ক: কুৱেণ্টিন টাৰেণ্টিন'ৰ ছবিৰ হিন্দী ৰিমেক নিৰ্মাণ কৰিব অনুৰাগ কাশ্যপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.