যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী Preity Zinta

author img

By

Published : Nov 18, 2021, 5:15 PM IST

preity zinta becomes mother

Surrogacy পদ্ধতিৰে যমজ সন্তানৰ মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টা(Preity Zinta) ৷ যমজ সন্তানৰ ল’ৰা সন্তানটিৰ নাম ‘জয়’ আৰু কন্যা সন্তানটিৰ নাম ৰাখিলে ‘জিয়া’ ৷ এই সুখবৰটি ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে দম্পতীটোৱে ৷

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : প্ৰীতি জিণ্টা(Preity Zinta) আৰু স্বামী জিন গুডেনাফ(Gene Goodenough)লৈ অভিনন্দন ৷ যমজ সন্তানৰ মাতৃ হ’ল বলীউডৰ ডিম্পল কুইন অভিনেত্ৰী প্ৰীতি জিণ্টা ৷ বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াযোগে এই সুখবৰটি শ্বেয়াৰ কৰে প্ৰীতি-জিনে ৷

যমজ সন্তানক কোলাত লৈয়ে প্ৰীতি আৰু জিনে ল’ৰা সন্তানটিৰ নাম ‘জয়’ আৰু কন্যা সন্তানটিৰ নাম ৰাখিলে ‘জিয়া’ ৷ Surrogacy পদ্ধতিৰ জৰিয়তে মাতৃত্বৰ গৌৰৱ অনুভৱ কৰিলে প্ৰীতিয়ে ৷ প্ৰীতি জিণ্টাৰ এই যাত্ৰাত সহায় আগবঢ়োৱা চিকিৎসক, নাৰ্চ আৰু ভ্ৰুণদাতাকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷

  • Hi everyone, I wanted to share our amazing news with all of you today. Gene & I are overjoyed & our hearts are filled with so much gratitude & with so much love as we welcome our twins Jai Zinta Goodenough & Gia Zinta Goodenough into our family. pic.twitter.com/wknLAJd1bL

    — Preity G Zinta (@realpreityzinta) November 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

2016 চনৰ 29 ফেব্ৰুৱাৰীত আমেৰিকান জিন গুডেনাফৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী প্ৰীতিয়ে ৷ বিবাহৰ পাচতে তেওঁ স্বামীৰ সৈতে লছ এঞ্জেলছত থাকিবলৈ লয় ৷ প্ৰীতিয়ে সন্তানৰ সুখবৰ শ্বেয়াৰ কৰাৰ পাচতে আচম্বিত হোৱাৰ লগতে আনন্দিত হৈ পৰে তেওঁৰ অনুৰাগীসকল ৷ সকলোৱে প্ৰীতিক ছ’চিয়েল মিডিয়াযোগে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : 'Bangarraju'ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন-নাগা চৈতন্যক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.