ETV Bharat / sitara

Kangana Ranaut's birthday: জন্মদিনত কাশ্মীৰত বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কুইন কংগনাৰ

author img

By

Published : Mar 23, 2022, 11:59 AM IST

Kangana Ranaut birthday
জন্মদিনত কাশ্মীৰত বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কুইন কংগনাৰ

সদ্য মুক্তি প্ৰাপ্ত ৰিয়েলিটী শ্ব’ লক আপৰ অপাৰ জনপ্ৰিয়তাত অভিভূত হৈ পৰা অভিনেত্ৰী কংগনা ৰানাৱটে আজি সম্পূৰ্ণ কৰিলে 35 বছৰ (Kangana Ranaut birthday) ৷ জন্মদিনৰ এই বিশেষ দিনটোত মা-বৈষ্ণো দেৱীৰ আশীষ বিচাৰি কাশ্মীৰৰ ৰিয়েছি জিলা পালেগৈ কংগনা ৷

চিটাৰা ডেস্ক, 23 মাৰ্চ : বলীউডৰ কুইনখ্যাত কংগনা ৰানাৱটে আজি গৰকিলে 35 বছৰ ৷ অভিনেত্ৰী গৰাকীৰ জন্মদিনত তেওঁৰ সুস্বাস্থ্য় আৰু দীৰ্ঘায়ু কামনাৰে অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ নিজৰ জন্মদিনত ভগৱানৰ আশীষ বিচাৰি কাশ্মীৰৰ ৰিয়েছি জিলাস্থিত বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ যায় কংগনা ৰানাৱট (Kangana Ranaut birthday celebration) ৷

অভিনেত্ৰী গৰাকীয়ে নিজৰ ইন্ষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ বৈষ্ণো দেৱী দৰ্শনৰ কেইখনমান ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে (Kangana Ranaut latest news)৷ ফটোসমূহত কংগনাক ৰঙী-বিৰঙী এযোৰ জনজাতীয় সাজপাৰত দেখা গৈছে ৷ কংগনাৰ ভগ্নী ৰংগোলী চাণ্ডেলো তেওঁৰ সৈতে বৈষ্ণো দেৱী মন্দিৰলৈ গৈছিল (Kangana visits vaishno devi on birthdhay) ৷

Kangana Ranaut birthday
বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কুইন কংগনাৰ

ইন্ষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি কংগনাই অনুৰাগীসকলক ইমান মৰম আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ নিজৰ জন্মদিনৰ দিনটোত বৈষ্ণো দেৱী আৰু পিতৃ-মাতৃৰ পৰা আশীষ বিচাৰি বছৰৰ আগন্তুক দিনসমূহ ভালদৰে যোৱাৰ আশা কৰে অভিনেত্ৰী গৰাকীয়ে (Kangana Ranaut age) ৷

কংগনাৰ ভগ্নী ৰংগোলী চাণ্ডেলেও নিজৰ ইন্ষ্টাগ্ৰামত কংগনাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ কংগনাৰ সৈতে এখন চেল্ফি শ্বেয়াৰ কৰি ৰংগোলীয়ে কংগনাক বহুতৰ বাবে প্ৰেৰণাৰ উৎস বুলি গণ্য কৰে ৷

কংগনাই বৰ্তমানে অটিটি ৰিয়েলিটী শ্ব’ লক আপৰ ঘোষিকা হিচাপে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ কংগনাৰ হাতত কেইবাখনো বিগ বাজেটৰ ছবি আছে ৷ অতি শীঘ্ৰেই অভিনেত্ৰীগৰাকীয়ে প্ৰযোজক হিচাপেও ভূমূকি মাৰিব (Kangana Ranaut upcoming projects) ৷

লগতে পঢ়ক: IB71 movie: বিদ্যুৎ জামৱালৰ সৈতে 'আইবি 71'ত অনুপম খেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.